চিটাৰা ডেস্ক, 25 আগষ্ট :কমাল ৰাছিদ খান ওৰফে KRK ৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰ তৰিছে অভিনেতা মনোজ বাজপেয়ীয়ে ৷ অভিনেতাগৰাকীৰ বিৰুদ্ধে কমাল ৰাছিদ খানে টুইটযোগে অপমানসূচক মন্তব্য কৰাৰ অভিযোগত এই গোচৰ ৰুজু কৰা বুলি জানিবলৈ দিয়ে বাজপেয়ীৰ অধিবক্তাই ৷
বাজপেয়ীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ 500 নং ধাৰাৰ অধীনত ন্যায়িক দণ্ডাধীশৰ ওচৰত এই গোচৰটি ৰুজু কৰিছে ৷ ইতিমধ্যে KRK ৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰ পঞ্জীয়নৰ বাবে ন্যায়িক দণ্ডাধীশক আবেদন কৰা বুলি সংবাদমেলযোগে সদৰী কৰিছে অভিনেতাগৰাকীৰ অধিবক্তা পৰেশ এছ যোশীয়ে ৷