অসম

assam

By

Published : Aug 3, 2021, 6:18 PM IST

ETV Bharat / sitara

স্বামীৰ মৃত্যুৰ শোক বুকুত বান্ধি পুনৰ কৰ্মক্ষেত্ৰলৈ উভতিছে মন্দিৰা বেদী

বিগত এমাহ পূৰ্বে হোৱা স্বামী তথা ছবি পৰিচালক ৰাজ কৌশল (Raj Kaushal)ৰ অকাল মৃত্যুৰ শোক বুকুত বান্ধি পুনৰ কৰ্মক্ষেত্ৰলৈ উভতি অহাৰ প্ৰয়ায় কৰিছে অভিনেত্ৰী মন্দিৰা বেদী (Mandira Bedi)য়ে ৷ টুইটাৰ (Twitter)যোগে এক আবেগিক শ্বেয়াৰ কৰি এই সিদ্ধান্তৰ ইংগিত দিছে মন্দিৰাই ৷

Mandira Bedi returns to work
কৰ্মক্ষেত্ৰলৈ উভতিছে মন্দিৰা বেদী

চিটাৰা ডেস্ক,3 আগষ্ট : অভিনেত্ৰী, ব্যৱসায়ী তথা ফিটনেছ উৎসাহী মন্দিৰা বেদীয়ে পুনৰ কৰ্মক্ষেত্ৰলৈ উভতি অহাৰ ইংগিত প্ৰদান কৰিছে ৷ স্বামী তথা ছবি পৰিচালক ৰাজ কৌশল (Raj Kaushal)ৰ মৃত্যুৰ এমাহৰ অন্তত কৰ্মজীৱন পুনৰ আৰম্ভ কৰাৰ প্ৰয়াস কৰিছে মন্দিৰাই । টুইটাৰ (Twitter)যোগে এক আবেগিক প’ষ্ট শ্বেয়াৰ কৰি সময়নুসাৰে এই সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে ৷

মঙলবাৰে টুইটাৰযোগে মন্দিৰাই আবেগিক হৈ লিখিছে, ভাল-বেয়াৰ মাজতে জীৱনটোক আঁকোৱালি ল’ব লাগিব ৷ লগতে ইনষ্টাগ্ৰাম (Instagram)যোগে এখন ফটো শ্বেয়াৰ কৰি পুনৰ কৰ্মক্ষেত্ৰলৈ উভতি অহাৰ আভাস দিয়ে অভিনেত্ৰীগৰাকীয়ে ৷ বিগত 30 জুনত হৃদৰোগজনিত কাৰণত স্বামী ৰাজ কৌশলে অকাল মৃত্যুক সাৱটি লোৱাৰ পাচতে প্ৰায় এমাহ ধৰি কৰ্মবিৰতি লৈছিল মন্দিৰাই ৷

মন্দিৰা বেদীৰ শেহতীয়া প’ষ্ট

মন্দিৰাৰ শেহতীয়া টুইটত বহু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে মন্দিৰাক উৎসাহ যোগোৱা পৰিলক্ষিত হৈছে ৷ স্বামীৰ আকস্মিক মৃত্যুৰ পাচত কৰ্মক্ষেত্ৰলৈ উভতি অহাৰ বাবে বহু শুভাকাংক্ষীয়ে আদৰণি জনাইছে মন্দিৰা বেদীক ৷

লগতে পঢ়ক :শ্বাহৰুখৰ ফটো দেখি কিয় এম্বুলেন্স বিচাৰিলে অনুৰাগীয়ে ?

ABOUT THE AUTHOR

...view details