চিটাৰা ডেস্ক, ১ জানুৱাৰী: দূৰে দূৰে থাকিও একেখন ফটোকে শ্বেয়াৰ কৰি অনুৰাগী আৰু বন্ধু-বান্ধৱীক নৱবৰ্ষৰ শুভেচ্ছা জনালে বলীউড অভিনেতা অৰ্জুন কাপুৰ আৰু মালাইকা আৰোৰাই । দৰাচলতে এইবাৰ নতুন বছৰৰ আগমণৰ সময়ত অৰ্জুন কাপুৰ মালাইকাৰ কাষত নাই । কেইদিনমান পূৰ্বে অভিনেতাজন পুনৰ ক'ভিড-১৯ত আক্ৰান্ত হৈছে । ২০২০ চনৰ ছেপ্টেম্বৰ মাহতো তেওঁ মহামাৰীত আক্ৰান্ত হৈছিল ।
এতিয়া পুনৰ ক'ভিড-১৯ৰ কবলত পৰাৰ বাবে তেওঁ কোৱাৰেণ্টাইনত আছে । সেয়ে, এইবাৰ মালাইকাৰ সৈতে নতুন বছৰটোৰ আগমণৰ আনন্দ একেলগে উদযাপন কৰিব নোৱাৰিলে অৰ্জুনে । শনিবাৰে দুয়োজনে ইনষ্টাগ্ৰাম পোষ্টযোগে পাউটৰ প'জ থকা ফটো শ্বেয়াৰ কৰে আৰু সকলোকে শুভকামনা জনায়(Arjun Kapoor-Malaika arora's new year post) । অৰ্জুনে ফটোখন শ্বেয়াৰ কৰি "pouty 2022" বুলি উল্লেখ কৰি শুভেচ্ছা জনায় ।