অসম

assam

ETV Bharat / sitara

অনন্যা, শ্বানায়া, সুহানাৰ বিষয়ে কি ক’লে মালাইকা আৰোৰাই? - Malaika shared Ananya Suhana Shanaya photo

ফাৰহান-শিৱানীৰ বিয়াৰ পাৰ্টীত বলীউড তাৰকাসকলৰ লগতে ষ্টাৰ কিড্ছেও দৃষ্টি আকৰ্ষণ কৰিলে সকলোৰে (Starkids at Farhan Shibani wedding bash) ৷ অনন্যা , শ্বানায়া, সুহানাৰ ষ্টাইল ষ্টেটমেণ্টক লৈ সকলোতে চৰ্চা এতিয়া ৷ বলীউডৰ হট মামা হিচাপে খ্যাত মালাইকা আৰোৰাই তিনিওগৰাকী ষ্টাৰ কিড্ছৰে ফটো শ্বেয়াৰ (Malaika shared Ananya Suhana Shanaya photo) কৰি কি ক’লে চাওক...

Ananya, Shanaya and Suhana
তিনিগৰাকী বেষ্ট ফ্ৰেণ্ড অনন্যা, শ্বানায়া, সুহানা

By

Published : Feb 26, 2022, 10:41 AM IST

চিটাৰা ডেস্ক, 26 ফেব্ৰুৱাৰী: তিনিগৰাকী বেষ্ট ফ্ৰেণ্ড অনন্যা, শ্বানায়া, সুহানা খুব চৰ্চিত হৈছে সামাজিক মাধ্যমত (Starkid besties Ananya Suhana Shanaya) ৷ ষ্টাৰ কিড্ছ অৱশ্যে বহু আগৰ পৰাই সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ কিন্তু ফাৰহান-শিৱানীৰ বিয়াৰ পাৰ্টীলৈ যোৱাৰ পিছৰ পৰা বেছিকৈ চৰ্চালৈ আহিছে এই তিনিগৰাকী ষ্টাৰ কিড্ছ ৷

শ্বানায়াৰ সৈতে মালাইকা

বৃহস্পতিবাৰে নিশা চিত্ৰ নিৰ্মাতা ৰিতেশ সিধৱানীয়ে ফাৰহান-শিৱানীৰ বিয়া উপলক্ষে ৰাখিছিল এটা পাৰ্টী ৷ বলীউডৰ বিভিন্ন তাৰকাৰ সমাৱেশ ঘটিছিল পাৰ্টীটোত ৷ বিয়াৰ অনুষ্ঠানটোত তাৰকাসকলৰ সন্তান সকলে দৃষ্টি আকৰ্ষণ কৰিছিল সকলোৰে ৷

চাংকি পাণ্ডেৰ জীয়ৰী অনন্যা পাণ্ডে, সঞ্জয় কাপুৰৰ জীয়ৰী শ্বানায়া কাপুৰ আৰু শ্বাহৰুখ খানৰ জীয়ৰী সুহানাৰ মাজৰ বন্ধুত্বৰ সম্পৰ্ক সকলোৰে জনাজাত ৷ মালাইকা আৰোৰাই এই তিনিওগৰাকীৰে ফটো নিজৰ ইন্ষ্টাগ্ৰাম ষ্টোৰীত পোষ্ট কৰি লিখিলে, সকলো বেবি ডল ডাঙৰ হৈ গ’ল ৷ একেখন ফটোৱে অনন্যায়ো শ্বেয়াৰ কৰিলে নিজৰ ইন্ষ্টাগ্ৰাম ষ্টোৰীত ৷ মালাইকাই পোষ্ট কৰাৰ লগে লগে বিয়পি পৰে ফটোখন সামাজিক মাধ্যমত (Ananya Suhana Shanaya pic from Farhan Shibani wedding bash) ৷

তিনিগৰাকী বেষ্ট ফ্ৰেণ্ড অনন্যা, শ্বানায়া, সুহানা

দীপিকা পাডুকনৰ পৰা আৰম্ভ কৰি গৌৰী খানলৈকে সকলো উপস্থিত থাকে বিবাহ অনুষ্ঠানটোত (Celebs at Farhan Akhtar Shibani Dandekar wedding bash) ৷ সৰহ সংখ্যকেই পৰিধান কৰিছিল ক’লা ৰং ৷

লগতে পঢ়ক:শিৱানী-ফাৰহানৰ বিয়াৰ পাৰ্টীলৈ কোন কোন বলীউড তাৰকা নিমন্ত্ৰিত আছিল

ABOUT THE AUTHOR

...view details