চিটাৰা ডেস্ক,24 অক্টোবৰ : সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাচৰ পৰাই নেপ’টিজমৰ লগতে অন্য বহু বিতৰ্কত সাঙুৰ খাইছে ছবি নিৰ্মাতা মহেশ ভাটৰ নাম ৷ অভিনেত্ৰী লুৱীনা লোধে মহেশ ভাটৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ পাচতে এইবাৰ মহেশ ভাটৰ অধিবক্তাৰ স্পষ্টীকৰণ ৷
ছবি নিৰ্মাতা গৰাকীয়ে লুৱীনা আৰু তেওঁৰ পৰিয়ালক মানসিক অশান্তি দিয়াৰ অভিযোগ তুলি শুকুৰবাৰে ইনষ্টাগ্ৰামযোগে 48 ছেকেণ্ডৰ এটি ভিডিঅ’ শ্বেয়াৰ কৰিছিল লুৱীনাই ৷ এই ভিডিঅ’টিৰ প্ৰত্যুত্তৰত মহেশ ভাটৰ অধিবক্তা গৰাকীয়ে কয় যে,‘‘আমি অভিনেত্ৰী লুৱীনা লোধে ছবি নিৰ্মাতা মহেশ ভাটৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ খণ্ডন কৰিলো ৷ এনেকুৱা অভিযোগ কেৱল মিথ্যাচাৰ আৰু মানহানিয়েই নহয়, আইনৰো অতি গভীৰ পৰিণাম ৷ ভাটৰ পৰামৰ্শ অনুসৰি, আমি ইয়াৰ তদন্ত কৰিম’’ ৷