চিটাৰা ডেস্ক,1 এপ্ৰিলঃ বলীউড ডিভা মাধুৰী দীক্ষিতে বুধবাৰে ঘোষণা কৰে যে, তেওঁ আৰু তেওঁৰ স্বামী শ্ৰী ৰাম মাধৱ নেনে কভিড-19ৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰধানমন্ত্ৰীৰ সাহাৰ্য পুঁজি আৰু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ অনুদান আগবঢ়াব ৷
52 বছৰীয়া অভিনেত্ৰী গৰাকীয়ে ইনষ্টাগ্ৰাম যোগে এই কথা ঘোষণা কৰাৰ লগতে তেওঁৰ অনুৰাগীসকলকো এই যুদ্ধখনত চৰকাৰক সহায় কৰিবলৈ অনুৰোধ কৰে ৷