চিটাৰা ডেস্ক, ২৩ ডিচেম্বৰ: ছবি নিৰ্মাতা মধুৰ ভাণ্ডাৰকাৰে বুধবাৰে আগন্তুক ছবিৰ বিষয়ে ঘোষণা কৰে । COVID-১৯ মহমাৰীৰ বাবে দেশত আৰম্ভ হোৱা লকডাউনৰ সঁচা কাহিনীৰ ভিত্তিত নিৰ্মাণ কৰা হ'ব 'ইণ্ডিয়া লকডাউন' নামৰ ছবিখন । ছবি সমালোচক আৰু ট্ৰেড বিশ্লেষক তৰণ আদৰ্শে মধুৰ ভাণ্ডাৰকাৰে নিৰ্দেশনা কৰিবলগীয়া নতুন ছবিখনৰ কথা ছ'চিয়েল মিডিয়াযোগে ৰাজহুৱা কৰে ।
পৰৱৰ্তী ছবি 'ইণ্ডিয়া লকডাউন'ৰ বিষয়ে ঘোষণা কৰিলে মধুৰ ভাণ্ডাৰকাৰে - সত্য ঘটনাৰ আধাৰত নিৰ্মাণ
সত্য ঘটনাৰ আধাৰত নিৰ্মাণ হ'ব মধুৰ ভাণ্ডাৰকাৰৰ ছবি 'ইণ্ডিয়া লকডাউন' । ২০২০ চনৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ হ'ব ছবিখনৰ দৃশ্যগ্ৰহণ ।
![পৰৱৰ্তী ছবি 'ইণ্ডিয়া লকডাউন'ৰ বিষয়ে ঘোষণা কৰিলে মধুৰ ভাণ্ডাৰকাৰে সত্য ঘটনাৰ আধাৰত নিৰ্মাণ হ'ব 'ইণ্ডিয়া লকডাউন'](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9979222-708-9979222-1608718283290.jpg)
সত্য ঘটনাৰ আধাৰত নিৰ্মাণ হ'ব 'ইণ্ডিয়া লকডাউন'
পি জে ম'ছন পিকচাৰ্ছ আৰু ভাণ্ডাৰকাৰ এণ্টাৰটেইনমেণ্টে ছবিখন নিৰ্মাণ কৰিব বুলিও টুইটযোগে আদৰ্শে প্ৰকাশ কৰিছে । বৰ্তমান ছবিখনৰ কাষ্টিঙৰ কাম চলি আছে । ২০২০ চনৰ জানুৱাৰী মাহৰ পৰা দৃশ্যগ্ৰহণ আৰম্ভ হ'ব । উল্লেখ্য যে, ২০১৭ চনত ভাণ্ডাৰকাৰে ইন্দো চৰকাৰ নামৰ ছবিখন নিৰ্মাণ কৰিছিল ।
লগতে পঢ়ক:ছাহিদ কাপুৰে শশাংক খৈতানৰ 'যোদ্ধা' ছবিৰ বিৰোধিতা কৰিলে কিয় ?