অসম

assam

ETV Bharat / sitara

Ranbir Shraddha Film together: মুক্তিৰ তাৰিখ ঘোষণাৰ পিছতো নাম ঠিক হোৱা নাই শ্ৰদ্ধা ৰণবীৰ অভিনীত ছবিৰ

লাভ ৰঞ্জনৰ নতুন প্ৰজেক্টত যুঁটি বান্ধিছে বলীউডৰ দুই অভিনেতা শ্ৰদ্ধা কাপুৰ আৰু ৰণবীৰ কাপুৰ (Ranbir Shraddha first film together) ৷ ছবিখন 2023 বৰ্ষৰ গণৰাজ্য দিৱসত মুক্তি দিয়াৰ কথা আছিল যদিও নিৰ্মাতাই এতিয়া 8 মাৰ্চলৈ পিছুৱাইছে ৷

By

Published : Mar 2, 2022, 5:18 PM IST

Ranbir Shraddha Film together
নাম ঠিক হোৱা নাই শ্ৰদ্ধা ৰণবীৰ অভিনীত ছবিৰ

চিটাৰা ডেস্ক, 2 মাৰ্চ: বৰ্তমানলৈকে নাম স্থিৰ হোৱা নাই 2019 চনতে ঘোষণা কৰা লাভ ৰঞ্জনৰ ছবিখনৰ য’ত ৰণবীৰ কাপুৰ আৰু শ্ৰদ্ধা কাপুৰে অভিনয় কৰিছে (Ranbir Shraddha Film together) ৷ ক’ভিড মহামাৰীৰ বাবেই বহুবাৰ পিছুওৱা হৈছে ছবিখনৰ শ্বুটিঙৰ কাম ৷

বহু জল্পনা-কল্পনাৰ অন্তত ছবিখন 2023 বৰ্ষৰ আৰম্ভণিতে মুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ কিন্তু নিৰ্মাতাসকলে পুনৰ এটা নতুন তাৰিখত ছবিখন মুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ জানুৱাৰীত মুক্তি লাভ কৰিবলগীয়া ছবিখন এতিয়া মুক্তি পাব মাৰ্চত ৷

প্ৰাপ্ত বাতৰি অনুসৰি, নাম স্থিৰ নোহোৱা ছবিখন এখন ৰোমাণ্টিক কমেডি ছবি (Ranbir Shraddha first film together) ৷ জনপ্ৰিয় হিট ছবি প্যাৰ কা পাঞ্চনামা আৰু চনু কে তিতু কি চুইটীৰ দৰে ছবি উপহাৰ দিয়া লাভ ৰঞ্জনে নিৰ্মাণ কৰিছে ছবিখন ৷

লাভ ফিল্মছ ৰ অফিচিয়েল টুইটাৰ একাউণ্টে পোষ্ট কৰে ছবিখন সম্পৰ্কত নতুন বাতৰিটো ৷

বৰ্তমানলৈকে নাম স্থিৰ নোহোৱা ছবিখন লাভ, ৰণবীৰ আৰু শ্ৰদ্ধাৰ একেলগে প্ৰথমটো প্ৰজেক্ট (Luv Ranjan next with Ranbir Shraddha) ৷ ছবিখনত ডিম্পল কাপাডিয়া আৰু প্ৰযোজক বনি কাপুৰে ৰণবীৰ কাপুৰৰ পিতৃ-মাতৃৰ ভূমিকাত অভিনয় কৰিছে ৷

লগতে পঢ়ক:বলীউডৰ এক্সন হিৰো টাইগাৰ শ্ৰফে পাৰ কৰিলে জীৱনৰ 32 টা বসন্ত

ABOUT THE AUTHOR

...view details