অসম

assam

ETV Bharat / sitara

পৰ্দাৰ আঁৰৰ টুইংকল - সফল মহিলা টুইংকল খান্না

অভিনেত্ৰী হিচাপে সফল হ'ব নোৱাৰিলেও অন্যান্য ক্ষেত্ৰত এগৰাকী সফল মহিলা টুইংকল খান্না ৷ আহক জানো , তেওঁৰ জীৱনৰ অন্য সফল দিশ বোৰৰ বিষয়েঃ

Twinkle Khanna
টুইংকল খান্না

By

Published : Dec 3, 2019, 7:39 PM IST

Updated : Dec 4, 2019, 4:19 PM IST

চিটাৰা ডেস্ক,3 নৱেম্বৰঃ ই টি ভি ভাৰত চিটাৰাৰ শৃংখলাৰ অংশ হিচাপে আজিৰ পৰ্দাৰ আঁৰৰ জীৱনৰ সমলগৰাকী হৈছে টুইংকল খান্না ৷ এই শৃংখলাৰ ভিতৰত এনেকুৱা অভিনেতা-অভিনেত্ৰী অন্তৰ্ভুক্ত হ'ব যি অভিনয়জগতত যথেষ্ট সফলতা নাপালেও জিলিকি ৰৈছে অন্যক্ষেত্ৰত ৷ তেনে এগৰাকী অভিনেত্ৰী হৈছে টুইংকল খান্না ৷ অভিনয় ক্ষেত্ৰখনত বহুব্যাপি প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম নহ'লেও অন্য ক্ষেত্ৰত নিজৰ পৰিচয় সুন্দৰ ৰূপে অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে টুইংকল খান্নাই ৷ তেওঁ এগৰাকী ইন্টেৰিয়ৰ ডিজাইনাৰ হোৱাৰ লগতে এগৰাকী সফল তথা প্ৰসিদ্ধ লেখিকা ৷ তেওঁৰ দ্বাৰা ৰচিত বহুকেইখন কিতাপেই সৰ্বশ্ৰেষ্ঠ বিক্ৰী হোৱা কিতাপৰ অন্তৰ্ভুক্ত ৷ সম্প্ৰতি টুইংকল খান্না সাজু হৈছে নিজৰ তৃতীয়খন কিতাপ "পাজামাচ আৰ ফৰগিভিং" উন্মোচনৰ বাবে ৷

পাজামাচ আৰ ফৰগিভিং

টুইংকল এনে এগৰাকী মহিলা যি সদায় নিজৰ বুদ্ধিমত্তাৰ বাবে সমাজত জনাজাত ৷ তেওঁ এগৰাকী 44 বছৰীয়া সত্য আৰু স্পষ্ট নাৰীবাদী , যি বিভিন্ন বিষয়ত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিবলৈ কেতিয়াও সংকোচ নকৰে ৷

টুইংকল খান্না

2018 বৰ্ষত সৰ্বশ্ৰেষ্ঠ পুথি বিক্ৰী হোৱা মহিলা লেখকগৰাকী চুপাৰষ্টাৰ অক্ষয় কুমাৰৰ পত্নী তথা চুপাৰষ্টাৰ ৰাজেশ খান্না আৰু অভিনেত্ৰী ডিম্পল কাপাডিয়াৰ জীয়ৰী ৷ তেওঁ কোনোদিনে এইবিলাকৰ গইনা লৈ আৰাম কৰা ধৰণৰ মহিলা নহয় ৷ এক সাক্ষাতকাৰত অভিনেত্ৰীগৰাকীয়ে নিজকে 'যোদ্ধা আৰু উদ্বিগ্ন মহিলা' বুলি উল্লেখ কৰে ৷ টুইংকল খানে 1995 চনত ছবি 'বৰসাত'ৰ জৰিয়তে পদাৰ্পণ কৰিছিল বলীউড জগতত আৰু এগৰাকী অভিনেত্ৰী ৰূপে তেওঁৰ শেষ ছবিখন আছিল 2010 চনত মুক্তি প্ৰাপ্ত ছবি 'তীচ মাৰ খান' ৷15 টা বছৰত তেওঁ মুঠ 17খন ছবিত অভিনয় কৰিছে ৷ কিন্তু তেওঁৰ নিজৰ অভিনয়ৰ ওপৰত নিজেই অলপো সন্তুষ্ট নহয় ৷ তেওঁ এবাৰ কৈছিল যে, তেওঁৰ সকলো ছবিৰ ওপৰত প্ৰতিবন্ধকতা লগাই দিলে তেওঁ সুখী অনুভৱ কৰিব ৷ লগতে তেওঁৰ সন্তান আৰৱ আৰু নিতাৰাই তেওঁৰ কোনো ছবি চোৱাটো নিবিচাৰে ৷ তেওঁ কয় , "মই বাস্তৱক্ষেত্ৰত এখনো হিট ছবি দিবলৈ সক্ষম হোৱা নাই ৷ মোৰ অনুভৱ মোৰ সকলো ছবিয়ে বেন হ'ব লাগে ,যাতে সেই সমূহ কোনেও চাব নোৱাৰে ৷"
বহু এনেকুৱা তাৰকা সন্তান আছে যি নিজৰ অসফল কামৰ বাবে নিজৰ কেৰিয়াৰ একেবাৰে শেষ কৰি পেলায় কিন্তু টুইংকল খান্না এনে এগৰাকী মহিলা যি এনে অসফলতাৰ পিছতো কোনোদিন হাৰ নামানি পূৰ্ণাংগ ৰূপত জিলিকি ৰৈছে অন্যান্য ক্ষেত্ৰত ৷ অভিনেতাৰ উপাধি এৰাৰ পিছত তেওঁ কিন্তু বহু উপাধি লাভ কৰিবলৈ সক্ষম হয় ৷ এগৰাকী মাতৃ আৰু উদ্যমী তথা বিন্দাছ মনোভাৱৰ পত্নী হোৱাৰ লগতে তেওঁ এগৰাকী ইন্টেৰিয়ৰ ডিজাইনাৰ আৰু সফল স্তম্ভ লেখিকা ৷ টুইংকল খান্নাৰ লেখিকাৰ কাৰ্যকালৰ পাতনি মেলে বাতৰি কাকতত বিশেষ লেখা লিখাৰ জৰিয়তে ৷ তেওঁৰ সহজ তথা ভাৱাত্মক লিখনিয়ে তেওঁক পাঠকৰ ওচৰলৈ লৈ যোৱাত যথেষ্ট সহায় কৰিছিল ৷ হাস্যৰসৰ জৰিয়তে মাতৃত্বৰ পৰা আৰম্ভ কৰি মোডীলৈকে তেওঁ বিভিন্ন বিষয়ে তেওঁ লেখাৰ জৰিয়তে আলোচনা কৰিছে ৷ তেওঁ হাস্যৰসৰ জৰিয়তে বহু গম্ভীৰ কথাই জনসাধাৰণৰ ওচৰলৈ নিবৰ বাবে চেষ্টা কৰি আহিছে ৷ টুইংকলে মিচেজ ফানিবন্সৰ জৰিয়তে বাতৰি কাকতৰ এক বিশেষ সংকলন প্ৰস্তুত কৰে ৷

টুইংকল খান্না

টুইংকল 'গ্ৰেজিং গ'ট 'নামৰ প্ৰডাকচন হাউচটোৰ সহ স্বত্বাধিকাৰী ৷ এই প্ৰডাকচন হাউচৰ বেনাৰতে তেওঁ পেডমেন চিনেমাখন বনাইছিল ৷ এই পেডমেন চিনেমাখন তেওঁৰ দ্বাৰা লিখিত এটা সত্য কাহিনীৰ ওপৰত আধাৰিত ৷এই বৰ্ষৰ প্ৰথমতে , টুইংকলে নিজৰ দুপাখি আৰু বহলকৈ মেলিবৰ বাবে প্ৰৱেশ কৰে ডিজিটেল আৰু চ'ছিয়েল মিডিয়াৰ বজাৰখনত ৷ তেওঁ সদায় ছোৱালী আৰু মহিলাক প্ৰভাৱ পেলোৱা বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ৷ তেওঁ মহিলাৰ বাবে এখন "জাজমেন্ট- ফ্ৰি" ঠাই গঢ়িব বিচাৰে ৷
সদায়েই প্ৰত্যেক কথাত নিজৰ মগজুক সদায়েই প্ৰাধান্য দি আহিছে আৰু ভৱিষ্যতেও অন্ততঃ এলজাইমাৰ নোহাৱা পৰ্যন্ত প্ৰাধান্য দিব বুলি প্ৰকাশ কৰে ৷

Last Updated : Dec 4, 2019, 4:19 PM IST

ABOUT THE AUTHOR

...view details