চিটাৰা ডেস্ক,4 নৱেম্বৰঃআজি আমি তামিল চুপাৰষ্টাৰ এম.জি .আৰৰ বিষয়ে আলোচনা কৰিম ৷ তেওঁৰ অভিনয় কেৰিয়াৰ যথেষ্ট সুদূৰপ্ৰয়াসী নাছিল যদিও ৰাজনৈতিক ক্ষেত্ৰত উজ্জ্বল ভোটাতৰাৰ দৰে জিলিকি ৰ'বলৈ সক্ষম হৈছিল ৷ ছবিজগত এৰাৰ পৰৱৰ্তী সময়ছোৱাত এম.জি.আৰে শক্তিশালী ব্যক্তিত্বৰ বাবে সংবাদৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছিল ৷
এসাগৰ যেন মানুহে কান্দিছিল, অস্বাভাৱিক ভিৰ সৃষ্টি হৈছিল যেতিয়া তামিলনাডুৰ ৰাস্তাৰে এম.জি.আৰৰ মৃতদেহ সৎকাৰৰ বাবে লৈ যোৱা হৈছিল ৷ এম.জি.আৰৰ সম্পূৰ্ণ নাম আছিল মাৰুথুৰ গোপালা ৰামচন্দ্ৰন ৷ ভিৰৰ মাজতে এগৰাকীয়ে যুৱতীয়ে চিৎকাৰ কৰিছিলঃ "থালইবা, নি চলামাই পয়টায়ে" মানে, "হে নেতা,আপুনি আমাক একো নজনোৱাকৈ এনেকৈ এৰি যাব নোৱাৰে ৷" কেৱল সেয়াই নহয় মৃত নেতাগৰাকীৰ শটো এবাৰ চাবলৈ ভিৰ ফালি ফালি দৌৰি আহিছিল বহু ব্যক্তি ৷ সকলোৰে চকুত মাথো বিষাদৰ চকুলো ৷ সেই সময়ত যেন তামিলনাডুবাসীৰ হৃদস্পন্দন বন্ধ হোৱাৰ উপক্ৰম হ'ল ৷ তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে ৰাজনৈতিক দলৰ প্ৰতিজন সদস্যই ৷ এগৰাকী ৰাজনৈতিক নেতা হিচাপে তেওঁ যি সেৱা আগবঢ়ালে সেয়া পাহৰিব পৰা নাই সাধাৰণ ৰাইজে ৷ লাহে লাহে মানুহৰ চকুত ৰজা যেন হৈ পৰিছিল এম.জি.আৰ ৷