অসম

assam

জে.জয়াললিতাঃ সৰল জয়াৰ পৰা 'দ্য আইৰণ লেডী' হোৱাৰ যাত্ৰা

ই টি ভি ভাৰত চিটাৰাৰ লাইফ বিঅ'ণ্ড ৰিল চিৰিজৰ অংশ হিচাপে আজিৰ পৰ্দাৰ আঁৰৰ সমলগৰাকী হৈছে জে.জয়াললিতা ৷ এই চিৰিজৰ ভিতৰত এনেকুৱা অভিনেতা-অভিনেত্ৰী অন্তৰ্ভুক্ত হ'ব যি অভিনয়জগতৰ বাহিৰেও জিলিকি ৰৈছে অন্যক্ষেত্ৰত ৷

By

Published : Dec 5, 2019, 3:09 PM IST

Published : Dec 5, 2019, 3:09 PM IST

life beyond reel ' jayalalita'
জে.জয়াললিতাঃ

চিটাৰা ডেস্ক,5 নৱেম্বৰঃজে.জয়াললিতাই বছৰ বছৰ ধৰি বহন কৰি আহিছে এক ধৰ্মীয় ব্যক্তিত্ব ৷ সফলতাৰ জখলা বগোৱাটো কেতিয়াও ইমান সহজ নহয় আৰু এই গৰাকী 'থলাইবী' জয়া ললিতাৰ জীৱনো ঠিক তেনেকুৱাই ৷ এগৰাকী সফলতা অভিনেত্ৰীৰ পৰা গণ্য-মান্য এগৰাকী ৰাজনৈতিক নেতা হোৱালৈকে জয়াই জীৱনত বহুত উঠা-নমা দেখিছে ৷ জীৱনৰ সকলো সমস্যাৰ পিছতো অভিনেত্ৰী গৰাকীৰ ভিতৰত বিৰাজ কৰিছিল সৰলতা আৰু কোমলতাই ৷

জে.জয়াললিতা

কোৱা হয় যে, জিকমিকাই থকা চকুৰ আঁৰত বলিদান আৰু একাগ্ৰতাৰ কাহিনী অন্তৰ্নিহিত হৈ থাকে ৷ সকলোৰে সমুখত আত্মবিশ্বাসেৰে থিয় দিয়া অভিনেত্ৰী গৰাকীৰ সফলতাপূৰ্ণ কেৰিয়াৰৰ সদৃশ সফলতা অৰ্জন কৰাৰ সপোন নেদেখা মানুহ হয়টো খুবেই কম ওলাব ৷

জে.জয়াললিতা

সকলোৰে পৰিচিত ৰাজনৈতিক নেত্ৰী জয়াললিতাৰ কাহিনীয়ে অনুপ্ৰাণিত কৰি তোলে সকলোকে ৷ নিজৰ সময়ছোৱাৰ 'ব্লকবাষ্টাৰ হিৰোইন' হোৱাৰ উপৰিও তেওঁ তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ দ্বায়িত্ব লোৱাৰ লগতে সেই দ্বায়িত্বভাৰ সুন্দৰকৈ বহনো কৰিছিল ৷

জে.জয়াললিতা

সঁচা মনৰ এজনী ছোৱালী, যি নিৰ্দয় পৃথিৱীৰ পৰা ক্ষোভিত হৈ নিজকে মাৰি পেলোৱাৰ সিদ্ধান্ত লৈছিল ৷ সেইগৰাকী ছোৱালীয়ে এদিন সাহসেৰে তামিলনাডুৰ এগৰাকী প্ৰভাৱী মুখ্যমন্ত্ৰী হ'বলৈ সক্ষম হৈছিল ৷ সেই সময়ৰ মুখ্যমন্ত্ৰী কৰুণানিধিৰ আদেশ মৰ্মে শাসকীয় দলৰ দ্বাৰা বিধানসভাত অধ্যক্ষৰ সমুখত তেওঁক আক্ৰমণ কৰাৰ পিছতো তেওঁ সম্পূৰ্ণ সাহসেৰে সেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে অটল থাকে নিজৰ স্থিতিত ৷সময় বাগৰাৰ লগে লগে তেওঁ আৰু অধিক সক্ষম হৈ উঠিল ৷

জে.জয়াললিতা

কেতিয়াও হাৰ নমনাবিধৰ জয়াই 14 টা বছৰ সুন্দৰকৈ শাসনভাৰ চলায় ৷ 68 বছৰীয়া অভিনেত্ৰী তথা নেতা গৰাকীৰ মৃত্যুত হতভম্ব হৈ পৰে তেওঁৰ লাখ লাখ অনুৰাগী ৷ তেওঁৰ মৃত্যুত তেওঁৰ ঘৰৰ সমুখত অনুৰাগীৰ ভিৰ ৰুধিবলৈ মোতায়েন কৰিব লগা হৈছিল হাজাৰ হাজাৰ আৰক্ষী ৷ কান্দোনৰ ৰোল উঠিছিল চৌদিশে ৷

জে.জয়াললিতা

জনপ্ৰিয় ৰাজনৈতিক নেতা হোৱাৰ উপৰিও তেওঁ এগৰাকী সফল অভিনেত্ৰী যি নিজৰ সৌন্দৰ্য আৰু সুন্দৰ প্ৰদৰ্শনৰ জৰিয়তে দৰ্শকক আকৃষ্ট কৰিবলৈ সক্ষম হৈছিল ৷ সৰুতে জয়া যথেষ্ট লাজকুৰীয়া স্বভাৱৰ আছিল ৷ অচিনাকী মানুহৰ সৈতে কথা পাতিবলৈ ভয় কৰিছিল ৷ 6 বছৰ বয়সৰ পৰা 10 বছৰ বয়সলৈকে জয়াই নিজৰ ককা- আইতাকৰ লগত থাকিব লগা হৈছিল ৷ কাৰণ জয়াৰ মাক পেচাত এগৰাকী অভিনেত্ৰী আছিল সেয়ে তেওঁৰ যথেষ্ট সময়ৰ অভাৱ হৈছিল ৷
জয়াই লাইমলাইট ভাল পোৱা নাছিল আৰু লগতে অভিনয়তো ৰুচি নাছিল ৷ কিন্তু পৰিয়ালৰ পৰিৱেশ-পৰিস্থিতিৰ বাবে তেওঁ ভৰি দিব লগা হৈছিল অভিনয় ক্ষেত্ৰখনত আৰু ক্ৰমাণ্বয়ে অভিনয় ক্ষেত্ৰখনত এক চিনাকী নাম হৈ পৰিল জয়াললিতা ৷

উল্লেখ্য যে,সম্প্ৰতি নিৰ্মাণ হৈ আছে জয়াললিতাৰ জীৱন কাহিনীৰ ওপৰত আধাৰিত বায়'গ্ৰাফিকেল চলচ্চিত্ৰ 'থলাইবী' ৷ অভিনেত্ৰী কংগনা ৰাণাৱতৰ আগন্তুক ছবি থলাইবীত জয়াললিতাৰ চৰিত্ৰত অভিনয় কৰিছে ৷ এ.এল.বিজয়ৰ দ্বাৰা পৰিচালিত ছবিখন ছবিগৃহলৈ আহিব 2020 বৰ্ষৰ 20 ফেব্ৰুৱাৰী তাৰিখে ৷

লগতে চাওকঃকেবিনেটত গৃহীত কেবঃ প্ৰতিবাদত জ্বলিছে ৰাজ্য

ABOUT THE AUTHOR

...view details