সুৰ সম্ৰাজ্ঞী লতা মংগেস্কাৰে কাশ্মীৰৰ পুলৱামাত পাকিস্তানী উগ্ৰপন্থীৰ আক্ৰমণত শ্বহীদ হোৱা জোৱানৰ পৰিয়াললৈ আগবঢ়ালে সহায়ৰ হাত । শ্বহীদ সকললৈ সন্মান জনোৱাৰ অৰ্থে নাইটিংগল খ্যাত লতা মংগেস্কাৰেৰে শ্বহীদ পৰিয়াললৈ আগবঢ়ালে ১ কোটি টকা ।
পুলৱামাৰ শ্বহীদ পৰিয়াললৈ সহায়ৰ হাত লতা মংগেস্কাৰৰ - pulwama
নাইটিংগল খ্যাত লতা মংগেস্কাৰেৰে শ্বহীদ পৰিয়াললৈ আগবঢ়ালে ১ কোটি টকা
![পুলৱামাৰ শ্বহীদ পৰিয়াললৈ সহায়ৰ হাত লতা মংগেস্কাৰৰ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2569902-457-38b468e1-dd6c-4257-8e5c-7f6167f98fb6.jpg)
lata
বুধবাৰে এই কথা ঘোষণা কৰে লতা মংগেস্কাৰৰ ভাতৃ হৃদয়নাথ মংগেস্কাৰে । হৃদয়নাথ মংগেস্কাৰে কয়, "আমি সেই সকল বীৰ জোৱানৰ ওচৰত মূৰ দোৱাইছো যিসকলে আমাৰ কল্যাণৰ বাবে দেশৰ সীমান্তত থিয় হৈ থাকে ।"
আনহাতে, ২৪এপ্ৰিলত মুম্বাইত আয়োজন কৰা লতা মংগেস্কাৰৰ পিতৃ তথা মাৰাঠী থিয়েটাৰৰ জনপ্ৰিয় অভিনেতা দীননাথ মংগেস্কাৰৰ স্মৃতি প্ৰতিষ্ঠান পুৰস্কাৰ সমাৰোহত প্ৰদান কৰিব বুলি মন্তব্য কৰে পুত্ৰ হৃদয়নাথ মংগেস্কাৰে ।