নিউজ ডেস্ক, 15 নৱেম্বৰ: দেশবাসীৰ লগতে কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ অনুৰাগীলৈ আহিছে সুখবৰ ৷ এক জটিল অৱস্থাত 12 নৱেম্বৰত মুম্বাইৰ ব্ৰিছ কেণ্ডী হাস্পাতালত ভৰ্ত্তি কৰোৱা হৈছিল প্ৰসিদ্ধ গায়িকা লতা মংগেশকাৰক ৷ ভাইৰেল সংক্ৰমণৰ ফলত শ্বাস প্ৰশ্বাসত অসুবিধাৰ সন্মুখীন হৈছিল গায়িকাগৰাকী ৷ চিকিৎসাধীন হৈ থকা গায়িকাগৰাকীৰ এতিয়া স্বাস্থ্যৰ কিছু উন্নতি ঘটিছে ৷ বৰ্তমান তেখেত সংকটমুক্ত বুলি চিকিৎসকে জানিবলৈ দিছে ৷
কিন্তু তেওঁক লৈ ছ’চিয়েল মিডিয়াত অপবাদ প্ৰচাৰ হোৱাৰ পিচতে পৰিয়ালৰ লোকে তেওঁৰ টুইটাৰ একাউণ্টৰ জৰিয়তে টুইত কৰি তেওঁৰ স্বাস্থ্যৰ উন্নতি হোৱা বুলি জানিবলৈ দিয়ে ৷