চিটাৰা ডেস্ক, 5 ফ্ৰেব্ৰুৱাৰী :আগতকৈ উন্নত হৈছে "মেলডী কুইন" লতা মংগেশকাৰ স্বাস্থ্য । শনিবাৰে তেখেতৰ স্বাস্থ্যৰ অৱনতি ঘটাত (Lata Mangeshka is in Critical Condition) ভেণ্টিলেছনত ৰখা হৈছিল যদিও এতিয়া কিংবদন্তী গায়িকা গৰাকীৰ স্বাস্থ্য ভাললৈ অহা বুলি দাবী কৰিছে মুম্বাইৰ ব্ৰীজ কেণ্ডি হাস্পতালৰ চিকিৎসকে ৷
ক’ৰণাত আক্ৰান্ত হোৱাৰে পৰা চিকিৎসাধীন হৈ আছিল সংগীত জগতৰ ভোটাতৰাস্বৰূপ লতা মাংগেশকাৰ ৷ সাধাৰণ লক্ষণেৰে বিগত 8 জানুৱাৰীত গায়িকা গৰাকীৰ দেহত ক’ভিড-19 ৰ উপস্থিতি ধৰা পৰিছিল ৷