অসম

assam

ETV Bharat / sitara

ঘৰুৱা হিংসাক লৈ কবিতা আবৃত্তি কৰিলে কৃতি সেননে - ঘৰুৱা হিংসাক লৈ কবিতা আবৃত্তি কৰিলে কৃতি সেননে

লক্​ ডাউনত বাঢ়িছে ঘৰুৱা হিংসা,জনপ্ৰিয় অভিনেত্ৰী কৃতি সেননে ঘৰুৱা হিংসাক লৈ আবৃত্তি কৰা তেওঁৰ স্ব-ৰচিত কবিতাটোৱে আৱেগিক কৰি তুলিছে বহুজনকে ৷

kriti recites poem on increasing domestic violence in lock down will become emotional
ঘৰুৱা হিংসাক লৈ কবিতা আবৃত্তি কৰিলে কৃতি সেননে

By

Published : Apr 29, 2020, 5:32 PM IST

চিটাৰা ডেস্ক,29 এপ্ৰিলঃকবিতা যথেষ্ট ভাল পায় অভিনেত্ৰী কৃতি সেননে ৷ কবিতাৰ বাবে বি-টাউনত সুকীয়া নাম আছে অভিনেত্ৰীগৰাকীৰ ৷ ইতিমধ্যে আলিয়া ভাটৰ দৰে বহু তাৰকাক কবিতা লিখাৰ বাবে প্ৰেৰিত কৰাৰ নাম আছে কৃতি সেননৰ ৷

শেহতীয়াকৈ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে ঘৰুৱা হিংসাৰ ওপৰত তেওঁৰ দ্বাৰা ৰচিত এটা বিশেষ কবিতা শ্বেয়াৰ কৰে ইনষ্টাগ্ৰাম একাউন্ট যোগে ৷ স্কুলীয়া দিনতে লিখা এই বিশেষ কবিতাটো অনুৰাগীৰ বাবে আবৃত্তি কৰিলে অভিনেত্ৰীগৰাকীয়ে ৷

সাম্প্ৰতিক সময়ত লক্​ ডাউনৰ সময়ছোৱাত যি হাৰত ঘৰুৱা হিংসা বাঢ়িছে, সেই কথা লক্ষ্য ৰাখি এবিউজনামৰ এই কবিতাটো আবৃত্তি কৰে অভিনেত্ৰীগৰাকীয়ে ৷ ঘৰুৱা হিংসাৰ বিৰোধিতা কৰি সকলো মহিলাকে নিজৰ জীৱনৰ নিয়ন্ত্ৰণ নিজৰ হাতত আছে বুলি বিশ্বাস দিয়াৰ প্ৰয়াস কৰিছে কৃতি সেননে ৷

অভিনেত্ৰীগৰাকীৰ কামৰ কথালৈ চালে, কৃতিয়ে বৰ্তমান মিমী নামৰ আগন্তুক ছবিখনৰ শ্বুটিং সম্পূৰ্ণ কৰিছে ৷ লগতে আগন্তুক দিনত অভিনেত্ৰীগৰাকীক অক্ষয় কুমাৰৰ সৈতে বচ্চন পাণ্ডে নামৰ ছবিখনত দেখিবলৈ পোৱা যাব ৷

লগতে পঢ়কঃজনপ্ৰিয় অভিনেতা ইৰফান খানৰ মৃত্যু

ABOUT THE AUTHOR

...view details