মুম্বাই,26 ডিচেম্বৰঃ বলীউড অভিনেত্ৰী কৃতি সেনন আৰু নূপূৰ সেননে একাংশ শিশুৰ সৈতে উদযাপন কৰিলে এইবৰ্ষৰ খ্ৰীষ্টমাচ ৷ দুয়োগৰাকী ভগ্নীয়ে মুম্বাইস্থিত এটা স্বেচ্ছাসেৱী অনুষ্ঠানত গৈ দিব্যাংগ শিশুৰ সৈতে খ্ৰীষ্টমাচ উদযাপন কৰে ৷ চেলিব্ৰেটী চিষ্টাৰ কৃতি আৰু নূপূৰে স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ ল'ৰা-ছোৱালীবিলাকক তেওঁলোকৰ পিতৃ-মাতৃ সহিতে বহু ষ্টেচনাৰী সামগ্ৰীৰ লগতে উপহাৰ প্ৰদান কৰে ৷
দিব্যাংগ শিশুৰ সৈতে খ্ৰীষ্টমাচ উদযাপন কৰিলে বলীউড চিষ্টাৰ কৃতি আৰু নূপূৰে - kriti sanon
কৃতি সেনন আৰু নূপূৰ সেননে এইবৰ্ষৰ খ্ৰীষ্টমাচ উদযাপন কৰিলে মুম্বাইস্থিত এটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ দিব্যাংগ শিশুৰ সৈতে ৷ দুই ভগ্নীয়ে শিশুকেইটাক উপহাৰ বিতৰণ কৰাৰ লগতে যথেষ্ট আনন্দ কৰিলে তেওঁলোকৰে সৈতে ৷

কৃতি সেনন আৰু নূপূৰ সেনন
কৃতিয়ে শিশুসকলৰ সৈতে বহু সময় পাৰ কৰাৰ পিছত নিজৰ অনুভৱ ব্যক্ত কৰে এইদৰে, "তেওঁলোকৰ সৈতে সময় পাৰ কৰি, তেওঁলোকৰ মাজত আনন্দ বিলোৱা কাৰ্যই নিজৰ দিনটো বিশেষ কৰি তোলে ৷ মই এই খ্ৰীষ্টমাচ সদায় মনত ৰাখিম,এই সকল ল'ৰা যথেষ্ট প্ৰতিভাশালী আৰু যথেষ্ট মৰমলগা ৷ " ইফালে নিজৰ মিউজিক ভিডিঅ'ৰ কাৰণে মানুহৰ মাজত যথেষ্ট জনপ্ৰিয় নূপূৰ সেননে নিজৰ মিঠা কন্ঠৰে শিশুসকলক যথেষ্ট মনোৰঞ্জন প্ৰদান কৰে ৷
অন্য এক খবৰৰ বাবেঃ2019 বৰ্ষৰ মিচ ইণ্ডিয়া সুমন ৰাওৰ সৈতে ই টি ভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ