অসম

assam

ETV Bharat / sitara

এইবাৰ নেপটিজিমৰ বলি হ'ল নেকি কাৰ্তিক আৰিয়ান ? - আহিবলগীয়া ছবি দোস্তানা-২

কৰণ জোহৰৰ ধৰ্ম প্ৰডাকচনৰ বেনাৰত আহিবলগীয়া ছবি দোস্তানা-২ ত লক্ষ্যণীয়ভাৱে অভিনয়ৰ পৰা বিৰত ৰাখে কাৰ্তিক আৰিয়ানক । ইয়াৰ পাচতেই ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা ।

এইবাৰ নেপটিজিমৰ বলি হ'ল নেকি কাৰ্তিক আৰিয়ান
এইবাৰ নেপটিজিমৰ বলি হ'ল নেকি কাৰ্তিক আৰিয়ান

By

Published : Apr 17, 2021, 12:48 PM IST

চিটাৰা ডেস্ক, ১৭ এপ্ৰিল: ছবি নিৰ্মাতা কৰণ জোহৰৰ ধৰ্মা প্ৰডাকচনে শুকুৰবাৰে আহিবলগীয়া ছবি দোস্তানা-২ ৰ পুনৰ নিৰ্মাণ সন্দৰ্ভত এক আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিছে । লক্ষ্যণীয়ভাৱে ছবিখনত কাৰ্তিক আৰিয়ানক অভিনয়ৰ পৰা বিৰত ৰখা হয় । অৱশ্যে, প্ৰযোজনা গৃহই ছবিখন কিহৰ বাবে পুনৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে সেই বিষয়ে কোনো বিৱৰণ প্ৰকাশ কৰা নাই ।

ছবিখনত কাৰ্তিক আৰিয়ানক অভিনয়ৰ পৰা বিৰত ৰখাৰ বাবে একাংশই সুশান্ত সিং ৰাজপুতৰ লগত হোৱা নেপটিজিমৰে তুলনা কৰে । ইতিমধ্যে অনুৰাগীসকলে ছবিখন বৰ্জনৰো হুংকাৰ প্ৰদান কৰে । ইফালে, কাৰ্তিকক কংগনা ৰানাৱটেও সমৰ্থন জনাইছে । লগতে সুশান্ত সিং ৰাজপুতৰ দৰে কাৰ্তিকেও যাতে আত্মহত্যাৰ দৰে চৰম পথ বাছি নলয় তাৰ বাবে অভিনেত্ৰী কংগনাই টুইটাৰযোগে অনুৰোধ জনায় ।

কাৰ্তিকে ২০১১ চনৰ 'প্যাৰ কা পাঞ্চনামা' ছবিখনৰ যোগেদি জনপ্ৰিয়তা অৰ্জন কৰিছিল । পাচলৈ 'লুকা চুপ্পী', 'পতি পত্নী ঔৰ ৱহ' আৰু 'লাভ আজ কাল'ৰ দৰে ছবিত অভিনয় কৰিছিল । সম্প্ৰতি তেওঁৰ আহিবলগীয়া ছবিসমূহ হৈছে ধামাকা আৰু ভূল ভূলেইয়া-২ ।

লগতে পঢ়ক: পৰিয়ালৰ সৈতে সাপ্তাহিক বন্ধৰ আনন্দ লৈছে কৰীণা কাপুৰে

ABOUT THE AUTHOR

...view details