চিটাৰা ডেস্ক, ১৪ জুলাই : গোৱাত সাগৰৰ পাৰত নিৰিবিলি পৰিৱেশত বলীউড অভিনেত্ৰী কিম শৰ্মাৰ সৈতে সময় কটাইছে টেনিছ তাৰকা লিয়েণ্ডাৰ পেজে । বৰ্তমান চৰ্চা চলি থকা মতে দুয়োৰে মাজত গঢ় লৈ উঠিছে প্ৰেমৰ সম্পৰ্ক । সেয়ে, এতিয়া কিম আৰু লিয়েণ্ডাৰ প্ৰায়েই একেলগে দেখিবলৈ পোৱা যায় । শেহতীয়াকৈ অৱসৰ বিনোদনৰ বাবে গোৱা পাইছেগৈ দুয়োগৰাকী ।
গোৱাৰ এখন ৰেষ্টুৰেণ্টে কিম আৰু লিয়েণ্ডাৰ পেজৰ সমুদ্ৰ তীৰত তোলা কেইখনমান ফটো অনলাইনযোগে শ্বেয়াৰ কৰাৰ পাছতে তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে চৰ্চা আৰম্ভ হয় । এখন ফটোত দুয়োকে সাগৰৰ পাৰৰ এখন ৰেষ্টুৰেণ্টৰ একেলগে আহাৰ গ্ৰহণ কৰি থকা দেখা পোৱা গৈছে । ৰেষ্টুৰেণ্টখনৰ অফিচিয়েল হেণ্ডেলত শ্বেয়াৰ কৰা আন এখন ফটোত, লিয়েণ্ডাৰ আৰু কিমক সাগৰৰ পাৰত প'জ দিয়া দেখা গৈছে । এই ফটোখনত টেনিছ তাৰকা লিয়েণ্ডাৰে কিমক পিছফালৰ পৰা সাবতি থকা দেখা গৈছে ।
কিমে এটা পোহনীয়া লেব্ৰেডৰৰ মূৰত মৰমেৰে হাত থৈ কেমেৰাৰ ফালে চাই হাঁহি থকা দেখা গৈছে ফটোখনত । কিমৰ শেহতীয়া ইনষ্টাগ্ৰাম পোষ্টটোৱেও দুয়োৰে এই ভ্ৰমণৰে ইংগিত দিছিল । কিমে সাগৰৰ বেকড্ৰপত তোলা এখন ফটো পোষ্ট কৰিছিল ।