চিটাৰা ডেস্ক, ২৩ ডিচেম্বৰ: ইনষ্টাগ্ৰাম প্ৰফাইল ৰাজহুৱা কৰিলে বিগ বিৰ নাতিনী নব্যা নৱেলী নন্দাই । একেদৰে প্ৰয়াত অভিনেত্ৰী শ্ৰীদেৱীৰ কণিষ্ঠ কন্যা খুছি কাপুৰেও ৰাজহুৱা কৰিলে নিজৰ প্ৰফাইল । অভিনেতা মীজানৰ সৈতে থকা প্ৰেমৰ সম্পৰ্কক লৈ চলা অপপ্ৰচাৰ আৰু কেইবাখনো আলোকচিত্ৰৰ বাবে বিগত কিছুদিন ধৰি অমিতাভ বচ্চনৰ নাতিনী নব্যা চৰ্চাত আছে ।
অৱশ্যে, এতিয়ালৈকে ছবিত অভিনয় নকৰিলেও ছ'চিয়েল মিডিয়াত নব্যাৰ যথেষ্ট অনুৰাগী আছে । ২০১৭ চনৰ ২৪ আগষ্টত ছ'চিয়েল নেটৱৰ্কিং প্লেটফৰ্মলৈ অহা নব্যাৰ বৰ্তমান ৮৬ হাজাৰৰো অধিক অনুৰাগী আছে । পিতৃ নিখিল নন্দাৰ সৈতে থকা এখন ফটো নব্যাই প্ৰথম ছ'চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰিছিল । আনহাতে, জাহ্নৱী কাপুৰৰ ভগ্নী খুছি কাপুৰেও শেহতীয়াকৈ ইনষ্টাগ্ৰাম প্ৰফাইল ৰাজহুৱা কৰিছে । ২০১৫ চনৰ পৰাই ইনষ্টাগ্ৰামত সক্ৰিয় হৈ আছে খুছি ।