অসম

assam

ETV Bharat / sitara

বিশেষঃ আত্মহত্যাৰ পূৰ্বে কিহে প্ৰভাৱ পেলাইছিল সুশান্তৰ মন মগজুত? - সুশান্তৰ আত্মহত্যা

প্ৰতিভাশালী অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ খবৰে শোকাকুল কৰি তুলিছিল সমগ্ৰ দেশবাসীক ৷সকলোৱে অকাল বিয়োগ ঘটা অভিনেতা গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷তেওঁৰ এই ধৰণৰ পদক্ষেপৰ কাৰণ হতাশা তথা অৱসাদ বুলিয়েই ধাৰণা কৰা হৈছে ৷ বেক ডাঞ্চাৰ হিচাপে কাম কৰা প্ৰতিভাৱান সুশান্তে বহু প্ৰত্যাহ্বান সংঘৰ্ষৰ অন্তত এদিন তাৰকাৰ শাৰী পালে ৷ তেনেকুৱা এজন ব্যক্তি মানসিকভাৱে ভাগি পৰাৰ আঁৰত বহু কথাই পোহৰলৈ আহিছে ৷ আহকচোন জানো লেখিকা কাৱেৰী বামজাইৰ দৃষ্টিৰে চাও,সুশান্তৰ ছবি আৰু ছবিসমূহত তেওঁৰ চৰিত্ৰসমূহৰ লগত জড়িত কিছু কথাঃ

kaveree bamzai on chronicle of death foretold
বিশেষঃ সুশান্তৰ আত্মহত্যাৰ পূৰ্বেই আছিল নেকি মৃত্যুৰ আগজাননী ?

By

Published : Jun 22, 2020, 7:02 PM IST

Updated : Jun 22, 2020, 8:02 PM IST

চিটাৰা ডেস্ক,22জুনঃ সুশান্ত সিং ৰাজপুতৰ মৃত্যু ভৱিষ্যৎ বাণীৰে অংশ নেকি বুলি ভৱাৰ থল আছে বুলি ভাৱি চাব পাৰি নেকি ? সুশান্ত সিঙৰ টুইটাৰ কভাৰ ফটোখন আছিল 1889চনত ভিনছেন্ট ৱান গ'গয়ে অংকন কৰা বিশেষ ফটোখন (The Starry Night) ৷ মহান চিত্ৰকাৰ গৰাকীয়ে এই চিত্ৰখন তেওঁ নিজে মানসিক ভাৱে ভাগি পৰাৰ পিছত অংকন কৰিছিল ৷

সেইদৰে জুন মাহত অভিনেতাগৰাকীয়ে নিজৰ অন্তিমটো প'ষ্ট লিখিছিল সকলোতকৈ মৰমৰ তেওঁৰ মাতৃক উদ্দেশ্যি ৷ যাৰ মৃত্যু 2002 চনত হৈছিল ৷ মাতৃৰ ফটোখনৰ সৈতে তেওঁ লিখিছিল এটা যথেষ্ট আৱেগিক প'ষ্ট ৷

প্ৰত্যেকগৰাকী 34 বছৰীয়া মানুহৰ ওচৰত জীয়াই থকাৰ অজস্ৰ সপোন নাথাকিব পাৰে কিন্তু অভিনেতা গৰাকীৰ ওচৰত আছিল ৷ 2013 চনত তেওঁৰ প্ৰথমখন সফল ছবিকাই পো চেৰ পৰা আৰম্ভ কৰি 11খন ছবিৰ ভিতৰত মুঠ 5খন ছবিতে তেওঁৰ মৃত্যু দেখুওৱা হৈছিল ৷

সুশান্ত সিঙৰ টুইটাৰ কভাৰ ফটো

নিৰ্দেশক অভিষেক কাপুৰে তেওঁৰ কাই পো চেছবিখনত ইশানৰ মৃত্যু বহু ভাবি চিন্তিয়েই দেখুৱাইছিল ৷ ইশানৰ চৰিত্ৰত অভিনয় কৰা সুশান্ত সিঙৰ মৃত্যু হৈছিল এই ছবিখনত ৷

দীনেশ বিজনৰ দ্বাৰা নিৰ্দেশিত ছবি ৰাৱতা আছিল পুনৰ জনমৰ ওপৰত আধাৰিত ৷ য'ত মৃত্যু ঘটিছিল সুশান্তৰ এটা অৱতাৰৰ ৷

ইফালে ছবি কেডাৰনাথতো সুশান্ত সিঙৰ চৰিত্ৰৰ মৃত্যু হৈছিল ৷ সুশান্তৰ মৃত্যুৰ পিছত ছবিখনত তেওঁৰ চৰিত্ৰটোৰ মৃত্যুৰ দৃশ্য চোৱাটো খুবেই পীড়াদায়ক হোৱাটো নিশ্চিত ৷

2019 চনত অভিষেক চ'বেৰ ছবি ছৌনছিড়িয়াত লখনাৰ ভূমিকাত অভিনয় কৰা সুশান্তৰ মৃত্যু হৈছিল ৷ চৰিত্ৰটোৰ মৃত্যু দেখুওৱাৰ পিছত এক সাক্ষাৎকাৰত ছবি নিৰ্মাতা গৰাকীয়ে কৈছিল যে, লখনা চৰিত্ৰটোৱে মৃত্যুৰ পিছত নিজৰ এক নতুন জীৱনৰ সপোন দেখে বুলি ব্যক্ত কৰিছে ৷

ছবি ছিছ'ৰেতো তেওঁৰ পুত্ৰ মৃত্যুৰ দুৱাৰ ডলিৰ পৰা কথমপি বাচি অহা পৰিলক্ষিত হয় ৷ ছবিখনত সুশান্তৰ এটা জনপ্ৰিয় সংলাপ আছিল, "তোমাৰ ফলাফলে নিৰ্ধাৰণ নকৰে যে তুমি লুজাৰ হয়নে নহয় ৷ তোমাৰ চেষ্টাইহে নিৰ্ধাৰণ কৰে ৷ "

আনকি তেওঁৰ শেষৰ ছবিখন দিল বেচাৰা, যি খন তেওঁৰ জীৱিত কালত মুক্তি লাভ কৰিবলৈ সক্ষম নহ'ল, সেইখনতো সুশান্তৰ মৃত্যুকেই দেখুওৱা হৈছে ৷ অনাগত দিনত মুক্তি পাবলগীয়া এই ছবিখনত মু্খ্য চৰিত্ৰ দুটা কেঞ্চাৰ ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা গৈছে৷ যদিও বিপৰীত চৰিত্ৰটো বেছিকৈ কেঞ্চাৰ ৰোগত আক্ৰান্ত তথা তেওঁৰ অৱস্থা গম্ভীৰ আছিল তথাপিও সোনকালেই মৃত্যু হয় সুশান্ত সিঙ অভিনীত চৰিত্ৰটোহে ৷

ছবিসমূহত মৃত্যু দেখুৱাটোৱে দৰ্শকৰ সৈতে ছবিখনৰ সম্বন্ধ বেছি গাঢ় কৰি তোলে ৷ শ্বাহৰুখ খান আৰু অমিতাভ বচ্চনেই ইয়াৰ জ্বলন্ত উদাহৰণ ৷ 17খন ছবিত ইতিমধ্যে শ্বাহৰুখ খানৰ অন স্ক্ৰীণ মৃত্যু হৈছে আৰু 27 বাৰ মৃত্যু হৈছে বিগ বি অমিতাভ বচ্চনৰ ৷

সুশান্ত সিং ৰাজপুত আছিল এগৰাকী অত্যন্ত প্ৰভাৱশালী ব্যক্তি ৷বহু প্ৰত্যাহ্বান সংঘৰ্ষৰ অন্তত বেক ডাঞ্চাৰ হিচাপে কাম কৰা প্ৰতিভাৱান সুশান্তে এদিন তাৰকাৰ শাৰী পালে ৷ তেওঁ 2019 চনৰ অক্টোবৰ মাহত এটা টুইট কৰিছিল -'पश्चिम कहता है, हम बुराई पर विजय प्राप्त करके इसे कम कर देते हैं. भारत कहता है, हम दुःख भुगत कर उसे तबाह कर देते हैं, दुःख सकारात्मक आनंद के अलावा कुछ नहीं है. लक्ष्य एक ही है, हालांकि ये विपरीत दिखते हैं. हम जिंदगी की घुमावदार घाटी में टहलते हुए एक दूसरे को खुदाहाफिज बोलते जाएं.'

তেওঁ জানিছিল বা বুজিছিল যে জীৱন আৰু প্ৰতিপত্তি ক্ষণস্থায়ী ৷ তেওঁ 2018 চনৰ ডিচেম্বৰ মাহতো এটা টুইট কৰিছিল এইদৰে,"এটা ছাঁৰ দৰে মই আছো আৰু নাইও ৷"

এনে অনুমান হয় অভিনেতা গৰাকীয়ে পূৰ্বানুমান কৰিছিল যে,তেওঁ জাকজমকতাৰ পৰা দূৰ, অৰ্ধসমাপ্ত ছবি, আধৰুৱা প্ৰতিশ্ৰুতি আৰু হেৰুওৱা সম্ভাৱনাক পিছত এৰি নিজৰ বাট বুলিব ৷ ----- কাৱেৰী বামজাই

লগতে পঢ়কঃজাষ্টিন বিবাৰে অস্বীকাৰ কৰিছে যৌন নিৰ্যাতনৰ অভিযোগ

Last Updated : Jun 22, 2020, 8:02 PM IST

ABOUT THE AUTHOR

...view details