চিটাৰা ডেস্ক, ৪ নৱেম্বৰ: কৰ'ণা মহামাৰীৰ বাবে দীৰ্ঘ দিন ধৰি স্থগিত হৈ আছিল ছবিৰ দৃশ্যগ্ৰহণ। কৰ্মক্ষেত্ৰৰ পৰা আঁতৰি থাকিবলগীয়া হৈ হতাশ হৈ পৰিছিল বলীউডৰ বহু তাৰকা। বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পিছত পুনৰ কাম আৰম্ভ হৈছে। শেহতীয়াকৈ অভিনেত্ৰী কেটৰীণা কাঈফেও কৰ্মক্ষেত্ৰলৈ পুনৰ উভতি অহাৰ সুযোগ লাভ কৰাৰ আনন্দ প্ৰকাশ কৰিছে। ইনষ্টাগ্ৰামত এটা প’ষ্টযোগে মনৰ কথা প্ৰকাশ কৰিলে কেটৰীণাই।
দীৰ্ঘ বিৰতিৰ অন্তত পুনৰ কৰ্মক্ষেত্ৰলৈ উভতিল কেটৰীণা - পুনৰ কৰ্মক্ষেত্ৰলৈ
পুনৰ কৰ্মক্ষেত্ৰলৈ উভতি আনন্দিত হৈ পৰিছে মোহময়ী অভিনেত্ৰী কেটৰীণা কাঈফ। মহামাৰীৰ বাবে কেইবা মাহো ধৰি ছবিৰ দৃশ্যগ্ৰহণ স্থগিত হৈ আছিল। ইনষ্টাগ্ৰামlত এটা প’ষ্টযোগে কৰ্মক্ষেত্ৰলৈ উভতি অহাৰ আনন্দ অনুৰাগীৰে শ্বেয়াৰ কৰিলে অভিনেত্ৰীগৰাকীয়ে।
![দীৰ্ঘ বিৰতিৰ অন্তত পুনৰ কৰ্মক্ষেত্ৰলৈ উভতিল কেটৰীণা দীৰ্ঘ বিৰতিৰ অন্তত পুনৰ কৰ্মক্ষেত্ৰলৈ উভতিল কেটৰীণা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9430112-193-9430112-1604491064067.jpg)
পোষ্টটোত শ্বেয়াৰ কৰা ফটোখনত কেটৰীণাক উজ্জল হালধীয়া পোছাক পৰিধান কৰা দেখা গৈছে। হাঁহি থকা কেটৰীণাৰ ফটোৱে এতিয়া মন মুহিছে অনুৰাগীৰ। অভিনেত্ৰীগৰাকীয়ে প’ষ্টটোত লিখিছে যে, মোৰ দলটোৰ সৈতে সদায় কাম কৰিবলৈ পাই মই যথেষ্ট সুখী। কিছুদিন পূৰ্বে পি পি ই কিট পৰিধান কৰি থকা দলৰ আন সদস্যৰ ফটো শ্বেয়াৰ কৰি কেটৰীণাই লিখিছিল, 'চেফটি ফাৰ্ষ্ট, আউটফিট নট বেদ আইদাৰ'। ৰোহিত ছেট্টীৰ সূৰ্যবংশী ছবি অক্ষয় কুমাৰৰ বিপৰীতে দেখা যাব কেটৰীণাক।
লগতে পঢ়ক:শীঘ্ৰে বচ্চন পাণ্ডেৰ ছেটত ভূমুকি মাৰিব অক্ষয় কুমাৰ আৰু কৃতি সেননেআৰু হত্যাৰ 67 গোচৰৰ ৰায়দান