অসম

assam

By

Published : Jun 13, 2020, 4:34 PM IST

ETV Bharat / sitara

কাৰ্তিক আৰিয়ানে সম্পূৰ্ণ কৰিব পাৰিলেনে গুলাব' চিতাব'ৰ চেলেঞ্জ ?

সম্প্ৰতি খুবেই চৰ্চাৰ মাজত গুলাব' চিতাব'ৰ চেলেঞ্জ ৷ এইবাৰ এই চেলেঞ্জ কৰিছে অভিনেতা কাৰ্তিক আৰিয়ানে ৷ অভিনেতা গৰাকীৰ মাতৃ আৰু ভগ্নীয়ে বাধা দিছে তেওঁৰ এই কাৰ্যত ৷

Kartik Aaryan takes Gulabo Sitabo tongue twister challenge, family interrupts
কাৰ্তিক আৰিয়ান

চিটাৰা ডেস্ক,13জুনঃ বহু বলীউডৰ তাৰকাই গ্ৰহণ কৰিছে গুলাব' চিতাব'ৰ বিশেষ চেলেঞ্জ ৷ অভিনেতা কাৰ্তিক আৰিয়ানেও এই চেলেঞ্জত অংশগ্ৰহণ কৰিছে ৷ কিছুদিন পূৰ্বে অমিতাভ বচ্চন আৰু আয়ুষ্মান খুৰাণাই ইনষ্টাগ্ৰামযোগে প্ৰচাৰ কৰিছিল গুলাব' চিতাব'ৰ বিশেষ চেলেঞ্জ ভিডিঅ' ৷শেহতীয়াকৈ পতি পত্নীৰ অৰ ৱহৰ জনপ্ৰিয় অভিনেতা কাৰ্তিকে ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰিলে গুলাব' সিতাব'ৰ ভিডিঅ' ৷

কাৰ্তিক আৰিয়ানে সম্পূৰ্ণ কৰিব পাৰিলেনে গুলাব' চিতাব'ৰ চেলেঞ্জ ?

ভিডিঅ'টোৰ প্ৰথমতেই কাৰ্তিকক আমনি কৰে কাৰ্তিকৰ মাতৃ আৰু ভগ্নীয়ে ৷ চেলেঞ্জৰ প্ৰথম শাৰী কওতেই মাতৃয়ে কয় যে,ইন্টাৰনেট ভৰি আছে এই চেলেঞ্জেৰে ৷ তেতিয়া কাৰ্তিকে কয় যে, অমিতাভ বচ্চন ছাৰে স্বয়ং তেওঁক এই চেলেঞ্জৰ বাবে নমিনেট কৰিছে ৷ তেনেকুৱাতে মাতৃ আৰু ভগ্নীয়ে কাৰ্তিকক এই বুলি জোকাই যে," অমিতাভ বচ্চনৰ ইমান বেয়া দিন অহা নাই যে কাৰ্তিক আৰিয়ানক টেগ কৰিব " ৷ তেতিয়া কাৰ্তিকে কয় যে, অমিতাভ বচ্চনৰ বেয়া দিন নহয়, কাৰ্তিকৰতো দিন ভাল দিন আহিব পাৰে ৷

লগতে পঢ়কঃ এজন প্ৰতিষ্ঠিত কণ্ঠশিল্পী হোৱা সন্দৰ্ভত আয়ুষ্মান খুৰাণাৰ ফটো শ্বেয়াৰ কণ্ঠশিল্পী পলাশ সেনৰ

ABOUT THE AUTHOR

...view details