চিটাৰা ডেস্ক, ২১ ডিচেম্বৰ: আগন্তুক ছবি 'ধামাকা'ৰ 'অৰ্জুন পাঠক'ক অনুৰাগীৰ সৈতে পৰিচয় কৰাই দিলে বলীউড অভিনেতা কাৰ্তিক আৰিয়নে । ছবিখনত তেওঁক কি ৰূপত দেখা পোৱা যাব সেই বিষয়ে অনুৰাগীক আভাস দিলে অভিনেতাগৰাকীয়ে । সোমবাৰে পুৱা কাৰ্তিকে ইনষ্টাগ্ৰাম পোষ্টযোগে নিজৰ প্ৰথম থ্ৰিলাৰ ছবিখনত তেওঁৰ ৰূপায়ণ কৰা চৰিত্ৰৰ নাম আৰু ৰূপ প্ৰকাশ কৰিব পৰাকৈ ফটো শ্বেয়াৰ কৰে ।
ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ফটোখনত কাৰ্তিকক নীলা ৰঙৰ চ্যুট পৰিধান কৰা দেখা গৈছে । ফটোখনত গহীন মুখ, তেজৰ দাগ থকা ছাৰ্ট পৰিহিট কাৰ্তিকক দেখা পোৱা গৈছে । বাওঁফালে টি আৰ টি ভিৰ বেজো দেখা গৈছে । ছবিখনত কাৰ্তিকে এগৰাকী সাংবাদিকৰ চৰিত্ৰ ৰূপায়ণ কৰিছে, যিয়ে মুম্বাইত সন্ত্ৰাসবাদী আক্ৰমণৰ বাতৰি পৰিৱেশন কৰিছে । ছবিখনৰ বিষয়ে ঘোষণা কৰাৰ সময়ত কাৰ্তিকে কৈছিল যে, তেওঁৰ কাৰণে 'এইখন এখন চমৎকাৰী স্ক্ৰীপ্ট ।