চিটাৰা ডেস্ক, ১০ আগষ্ট: তেলেগু অভিনেতা আল্লু অৰ্জুন(Allu Arjun) আৰু পূজা হেগড়ে(Pooja Hegde)ৰ বুট্টা ব'ম্মা শীৰ্ষক গীতত নৃত্য কৰাৰ পিছত এইবাৰ আন এখন জনপ্ৰিয় দক্ষিণ ভাৰতীয় ছবিৰ গীতত নৃত্য কৰিলে বলীউড অভিনেতা কাৰ্তিক আৰিয়নে । এইবাৰ, তামিল চুপাৰষ্টাৰ ধনুষ আৰু অভিনেত্ৰী ছাই পল্লৱী অভিনীত ছবি 'মাৰি-২'ৰ 'ৰাউডী বেবী' শীৰ্ষক গীতটিত নৃ্ত্য কৰা দেখা গৈছে কাৰ্তিকক ।
২০১৮ চনত 'মাৰি-২'(Maari-2) ছবিখনে মুক্তি লাভ কৰিছিল । মঙলবাৰে কাৰ্তিকে 'ৰাউডী বেবী'(ROWDY BABY) শীৰ্ষক গীতটিত নৃ্ত্য কৰা এটা ভিডিঅ' ইনষ্টাগ্ৰাম পোষ্টযোগে শ্বেয়াৰ কৰে । কৰিঅ'গ্ৰাফাৰ শাজিয়া ছামজি আৰু পীযুষ ভগতকো কাৰ্তিকৰ সৈতে ভিডিঅ'টোত দেখা পোৱা গৈছে ।
ইতিমধ্যে ইউ টিউবত ১.২ বিলিয়নতকৈও অধিক লোকে উপভোগ কৰিছে এই ভিডিঅ'টো । কাৰ্তিকৰ নৃত্য দক্ষতাক ইনষ্টাগ্ৰামত কিয়াৰা আদৱানী, মৌনী ৰয়, ফাৰাহ খান আদিৰ দৰে চেলিব্ৰেটীয়ে প্ৰশংসা কৰিছে । আনহাতে ছবি নিৰ্মাণৰ কামৰ বিষয়ে ক'বলৈ গ'লে, কাৰ্তিক বৰ্তমান ৰোমাণ্টিক থ্ৰিলাৰ ছবি 'ফ্ৰেডী'ৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ আছে ।