অসম

assam

Kartik Aaryan latest news:গোলাপ লৈ কাৰ্তিক আৰ্য়ানৰ পিছে পিছে দৌৰিলে দুই যুৱতী

By

Published : Mar 22, 2022, 10:30 PM IST

কাৰ্তিক আৰ্য়ানৰ এটা ভিডিঅ' ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে (Kartik Aaryan latest news) ৷ ভিডিঅ’টোত অভিনেতাজনৰ দুগৰাকী মহিলা অনুৰাগীয়ে তেওঁৰ পিছা কৰা দেখা গৈছে (Kartik Aaryan fan following) ৷ হাতত গোলাপ লৈ তেওঁৰ ফালে দৌৰি যোৱা দেখি বিবুধিত পৰিল কাৰ্তিক!

Kartik Aaryan latest news
বিবুধিত পৰিল কাৰ্তিক!

চিটাৰা ডেস্ক, 22 মাৰ্চ:বলীউডৰ হাৰ্টথ্ৰব কাৰ্তিক আৰ্য়ানৰ আছে অসংখ্য মহিলা অনুৰাগী ৷ য'লৈকে যায় অনুৰাগীৰ মাজত আৱদ্ধ হৈ পৰে কাৰ্তিক ৷ মুম্বাই বিমান বন্দৰতো এক অদ্ভুত পৰিস্থিতিৰ সন্মুখীন হ’ল অভিনেতাজন ৷

কাৰ্তিকৰ দুগৰাকী মহিলা অনুৰাগীয়ে মুম্বাই বিমান বন্দৰত তেওঁৰ দেখি ৰখাব নোৱাৰিলে নিজকে ( kartik aaryan latest updates) ৷ ৰঙা গোলাপ লৈ দৌৰি গ’ল কাৰ্তিকৰ ফালে ৷ পিছলৈ ঘূৰি চাই প্ৰথমতে তলকিব নোৱাৰে আচলতে হৈছে কি!

গোলাপ লৈ কাৰ্তিক আৰ্য়ানৰ পিছে পিছে দৌৰিলে দুই যুৱতী

চাৰিওফালে পাপাৰাজ্জীৰ কেমেৰাই অভিনেতাজনক লক্ষ্য কৰি থকা মাজতে যুৱতী দুগৰাকীয়ে তেওঁক অনুসৰণ কৰে ৷ গোটেই ঘটনাটো পাপাৰাজ্জীয়ে নিজৰ কেমেৰাত বন্দী কৰিলে ৷ প্ৰথমাৱস্থাত কাৰ্তিকে তেওঁলোকক দেখিও নিজৰ মতে আগবাঢ়ি গৈ আছিল কিন্তু তেওঁৱো তত্ ধৰিব পৰা নাছিল আচলতে কেনেধৰণে আচৰণ কৰিব লাগে !

ভাইৰেল হৈ পৰা ভিডিঅ’টোত কাৰ্তিক আৰ্য়ানক এটা গুলপীয়া হুডী আৰু খাকী পেণ্ট পিন্ধা দেখা গৈছে ( kartik aaryan viral video with female fans) । হুডী আৰু মুখত মাস্ক মাৰি কাৰ্তিক গোপনে আঁতৰি যাবলৈ চেষ্টা কৰিছিল যদিও সংবাদ মাধ্যমৰ বাবে সকলোৱে বিমানবন্দৰত তেওঁৰ উপস্থিতিৰ বিষয়ে অৱগত হৈ পৰিছিল । নিজৰ দেহৰক্ষীৰ সৈতে খোজ কাঢ়ি গৈ থাকোতে দুগৰাকী যুৱতী হাতত গোলাপ লৈ কাৰ্তিকৰ ফালে দৌৰি আহে ৷

প্ৰথমতে কি কৰিম কি নকৰিমকৈ আগবাঢ়ি গৈ থকা কাৰ্তিকে পিছত অৱশ্যে অনুৰাগীৰ পৰা গোলাপ ফুল নিজৰ হাতত তুলি ল’লে ৷ অভিনেতাজনে যুৱতী দুগৰাকীৰ সৈতে চমুকৈ বাৰ্তালাপ কৰে ৷ লগতে এগৰাকীক জন্মদিনৰ শুভেচ্ছাও জনালে ৷

কাৰ্তিকৰ বাবে এনে ঘটনা নতুন নহয় ৷ ইয়াৰ পূৰ্বে ছোৱালী অনুৰাগীৰ এটা দলে তেওঁৰ মুম্বাইত থকা বাসগৃহত উপস্থিত হৈ তেওঁৰ নাম মাতি মাতি ঘন্টাৰ পিছত ঘণ্টা ঘৰৰ বাহিৰত থিয় হৈ আছিল । এই বিষয়ে অৱগত হোৱাৰ পাছত কাৰ্তিকে নিজে নামি আহি তেওঁলোকক লগ কৰিছিল লগতে ফটোও তুলিছিল তেওঁলোকৰ সৈতে ৷

লগতে পঢ়ক:Sonam Kapoor pregnant: মাতৃ হ’বলৈ ওলাইছে চোনম কাপুৰ

ABOUT THE AUTHOR

...view details