চিটাৰা ডেস্ক, 25 ফেব্ৰুৱাৰী:বৃহস্পতিবাৰে মুম্বাইৰ এখন হাস্পতালত কৰ্কট ৰোগ প্ৰতিৰোধ সজাগতা সভাত অংশগ্ৰহণ কৰে বলীউডৰ জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰ্য়ানে ৷ অনুষ্ঠানটোত ভাগ লৈ কাৰ্তিকে প্ৰকাশ কৰে তেওঁৰ মাতৃয়ে কেঞ্চাৰৰে সৈতে যুঁজাৰ কাহিনী (Kartik Aaryan on mother's battle with cancer) ৷ এই কাহিনী বৰ্ণনা কৰি থকাৰ সময়ত মঞ্চতে যথেষ্ট আবেগিক হৈ পৰিল কাৰ্তিক ৷
অভিনেতাজনে নিজৰ টুইটাৰ একাউণ্টত অনুষ্ঠানটোৰ কিছু মূহুৰ্ত অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিলে ৷ কৰ্কট ৰোগ প্ৰতিৰোধ সজাগতা সভাত অংশ লৈ কৰ্কট ৰোগীসকলৰ সৈতে নৃত্যও কৰিলে কাৰ্তিক আৰু মাতৃ মালাই ৷ কৰ্কট ৰোগৰ বিৰুদ্ধে জয়ী হোৱা নিজ মাতৃক লৈ গৌৰৱান্বিত কাৰ্তিক আৰ্য়ান (Kartik Aaryan speaks about mother cancer) ৷