অসম

assam

ETV Bharat / sitara

কংগনা ৰাণাৱটৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে কৰ্ণাটকৰ আদালতে - জেএমএফচি আদালত

শুকুৰবাৰে কৰ্ণাটকৰ জেএমএফচি আদালতে কংগনাৰ এক টুইটৰ বিৰোধিতা কৰি ক্যাথাচন্দ্ৰা আৰক্ষী চকীত 156(3) ধাৰাত এজাহাৰ দাখিল কৰে ৷ কংগনাই কৃষক আইনৰ বিৰোধিতা কৰা কৃষকসকলক সন্ত্ৰাসবাদী আখ্যা দিয়াক লৈ সৰৱ হৈ পৰে আদালতখনৰ অধিবক্তা ৰমেশ নাইক ৷

Karnataka court directs police to register FIR against Kangana Ranaut for her 'anti-farmer' tweet
কংগনাৰ কৃষক সম্বন্ধীয় টুইটৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে কৰ্ণাটকৰ আদালতে

By

Published : Oct 9, 2020, 9:40 PM IST

চিটাৰা ডেস্ক,9 অক্টোবৰ: এইবাৰ অভিনেত্ৰী কংগনা ৰাণাৱটৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল কৰ্ণাটকৰ এখন আদালত ৷ জিলাখনৰ তুমাকুৰু জিলাৰ এখন আদালতে শুকুৰবাৰে কংগনাৰ এক টুইটৰ বিৰোধিতা কৰি এখন এজাহাৰ দাখিল কৰে ৷ কংগনাই কৃষক আইনৰ বিৰোধিতা কৰা কৃষকসকলৰ বিৰুদ্ধে দিয়া মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈ পৰে আদালতখন ৷

আদালতৰ অধিবক্তা ৰমেশ নাইকে দিয়া অভিযোগ অনুসৰি,জেএমএফচি আদালতৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশে ক্যাথাচন্দ্ৰা আৰক্ষী চকীত 156(3) ধাৰাত এজাহাৰ দাখিল কৰে ৷

উল্লেখ্য যে,যোৱা 21 ছেপ্তেম্বৰত কংগনাই টুইটাৰযোগে কৈছিল যে,‘‘যিসকল লোকে CAAৰ বিষয়ে ভুৱা বাতৰি প্ৰচাৰ কৰিছিল,সেইসকল লোকেই এতিয়া কৃষক আইনৰ বিষয়ে ভুৱা বাতৰি প্ৰচাৰ কৰিছে আৰু দেশত সন্ত্ৰাসৰ সৃষ্টি কৰি আছে ৷ তেওঁলোক হৈছে সন্ত্ৰাসবাদী’’ ৷

লগতে পঢ়ক:অতি লেহেমীয়া গতিৰে আগবাঢ়িছে অনুৰাগ কাশ্যপৰ তদন্ত: পায়েল ঘোষ

ABOUT THE AUTHOR

...view details