অসম

assam

ETV Bharat / sitara

দীপিকা পাডুকনৰ সৈতে কোনো সম্পৰ্ক নাই কৰিশ্মা প্ৰকাশৰ - KWAN

KWAN Talent Management কোম্পানীৰ প্ৰাক্তন কৰ্মী তথা অভিনেত্ৰী দীপিকা পাডুকনৰ প্ৰাক্তন মেনেজাৰ কৰিশ্মা প্ৰকাশে কোম্পানীৰ পৰা স্বেচ্ছাই অব্যাহতি লৈছে ৷ বুধবাৰে KWANৰ চিইঅ’ বিজয় সুব্ৰমণিয়ামে সংবাদ মাধ্যমযোগে এই কথা জানিবলৈ দিয়ে ৷

Karishma Prakash has nothing to do with Deepika Padukone
দীপিকা পাডুকনৰ সৈতে কোনো সম্পৰ্ক নাই কৰিশ্মা প্ৰকাশৰ

By

Published : Nov 4, 2020, 7:28 PM IST

চিটাৰা ডেস্ক,4 নৱেম্বৰ : সম্প্ৰতি চৰ্চাত আছে অভিনেত্ৰী দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰৱন্ধক কৰিশ্মা প্ৰকাশ ৷ প্ৰচাৰক কৰিশ্মা প্ৰকাশে ইতিমধ্যে তেওঁৰ কামৰ পৰা অব্যাহতি লৈছে আৰু আগলৈ অভিনেত্ৰী দীপিকা পাডুকনক উপস্থাপন নকৰে কৰিশ্মা প্ৰকাশে ৷

উল্লেখ্য যে,কৰিশ্মা প্ৰকাশে KWAN Talent Management কোম্পানীৰ পৰা স্বেচ্ছাই অব্যাহতি লোৱাৰ খবৰ যোৱাকালিৰ পৰা প্ৰচাৰ হৈ আছে ৷ বুধবাৰে কোম্পানীটোৱে তেওঁৰ অব্যাহতি সন্দৰ্ভত মন্তব্য দিয়ে ৷

কৰিশ্মা প্ৰকাশে তাৎক্ষণিকভাৱে 21 অক্টোবৰত কোম্পানীৰ পৰা স্বেচ্ছাই অব্যাহতি লয় ৷ বৰ্তমান কোম্পানী অথবা দীপিকা পাডুকন আৰু এজেন্সিৰ কোনো কলা-কুশলীৰ সৈতে কৰিশ্মাৰ লেন-দেন নাই ৷ KWANৰ চিইঅ’ বিজয় সুব্ৰমণিয়ামে সংবাদ মাধ্যমযোগে এই কথা উল্লেখ কৰে ৷

কিছুদিন পূৰ্বে নাৰ্কোটিকছ কণ্ট্ৰোল ব্যুৰ’ৱে পুনৰবাৰ দীপিকা আৰু তেওঁৰ প্ৰাক্তন মেনেজাৰ কৰিশ্মাক ড্ৰাগছ ব্যৱহাৰ সন্দৰ্ভত সোধ-পোচৰ বাবে জেৰা কৰিছিল ৷

লগতে পঢ়ক :শীঘ্ৰে বচ্চন পাণ্ডেৰ ছেটত ভূমুকি মাৰিব অক্ষয় কুমাৰ আৰু কৃতি সেননে

ABOUT THE AUTHOR

...view details