চিটাৰা ডেস্ক, ১৬ অক্টোবৰ: বিবাহ বাৰ্ষিকীৰ দিনা পুৰণি ফটো শ্বেয়াৰ কৰি গ্ৰীচ ভ্ৰমণৰ স্মৃতি ৰোমন্থন কৰিলে বলীউড অভিনেত্ৰী কৰীণা কাপুৰ খানে । শনিবাৰে কৰীণাই ইনষ্টাগ্ৰাম পোষ্টযোগে স্বামী তথা অভিনেতা ছেইফ আলী খানৰ সৈতে থকা এখন পুৰণি ফটো শ্বেয়াৰ কৰে । ফটোখনত দুয়োকে একেলগে দেখা গৈছে । তেওঁ ফটোখন পোষ্ট কৰি অনুৰাগীক জনায় যে, গ্ৰীচত তেওঁলোকে একেলগে কটোৱা সময়ে কৰীণাৰ জীৱন চিৰদিনৰ বাবে সলনি কৰি দিলে ।
২০১২ চনৰ আজিৰ দিনটোতে কৰীণা আৰু ছেইফ বিবাহপাশত আৱদ্ধ হৈছিল । শনিবাৰে নৱম সংখ্যক বিবাহ বাৰ্ষিকীত কৰীণাই গ্ৰীচ ভ্ৰমণৰ সময়ৰ এখন ফটো শ্বেয়াৰ কৰে । ফটোখনত এবাতি চুপ সন্মুখত লৈ দুয়োকে বহি থকা দেখা গৈছে । কৰীণাই ফটোখন শ্বেয়াৰ কৰি ছৈফক পৃথিৱীৰ আটাইতকৈ সুন্দৰ পুৰুষজন বুলি সম্বোধন কৰি বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা জনায় ।
২০০৮ চনত ছেইফ-কৰীণাৰ অভিনীত 'তছন'ৰ নামৰ ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে দুয়ো গ্ৰীচ ভ্ৰমণ কৰিছিল আৰু সেই সময়তে ফটোখন তোলা হৈছিল । কৰীণাই পোষ্টটো শ্বেয়াৰ কৰাৰ পাচত বন্ধুবৰ্গ আৰু পৰিয়ালৰ লোকসকলে কমেণ্ট ছেকছন হাৰ্ট আইকনৰে ওপচাই পেলায় ।