চিটাৰা ডেস্ক, 16 আগষ্ট :ছেইফ আলী খান(Saif Ali Khan)ৰ 51 সংখ্যক জন্মদিনৰ শুভক্ষণত পৰিয়ালৰ সৈতে মালদ্বীপত অৱসৰ-বিনোদন কৰিছে পত্নী তথা অভিনেত্ৰী কৰীণা কাপুৰ খান(Kareena Kapoor Khan)য়ে ৷ ছেইফ-কৰীণাই পুত্ৰ টাইমুৰ আলী খান আৰু জেহ আলী খানৰ সৈতে আনন্দৰ সময় অতিবাহিত কৰে ৷
ছেইফক জন্মদিনৰ শুভেচ্ছা জনাই মালদ্বীপৰ পৰা ইনষ্টাগ্ৰামযোগে অৱসৰ-বিনোদনৰ ফটো শ্বেয়াৰ কৰে কৰীণাই ৷ প্ৰথমখন ফটোত চাৰিজনীয়া পৰিয়ালটোক সাগৰৰ পাৰত বহি থকা দেখা গৈছে৷ আনহাতে পৰৱৰ্তী ছবিখনত ছেইফ আৰু কৰীণাক পুলত থিয় হৈ অসীমৰ ফালে চাই থকা পৰিলক্ষিত হৈছে ৷