চিটাৰা ডেস্ক,৩০ মাৰ্চ: COVID-১৯ ত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পিছত সংবাদ মাধ্যম আৰু ছ'চিয়েল মিডিয়াত সমালোচিত হোৱাৰ বিষয়ে মনত পেলাই নিজৰ অভিজ্ঞতাৰ কথা প্ৰকাশ কৰিলে জনপ্ৰিয় বলীউডৰ কণ্ঠশিল্পী কণিকা কাপুৰে । তেওঁ কয় যে, সেই সময়খিনি অতি কঠিন সময় আছিল । মানুহে সত্য আৰু পৰিস্থিতিৰ বিষয়ে একো নজনাকৈ আশ্চৰ্যজনকভাৱে কথা কোৱাক লৈও তেওঁ অসন্তুষ্টি ব্যক্ত কৰে ।
বিগত বৰ্ষত ৪২ বছৰীয়া শিল্পীগৰাকী COVID-১৯ ত আক্ৰান্ত হৈছিল । এই বাতৰি ৰাজহুৱা হোৱাৰ পিছতে জানিব পৰা গৈছিল যে, কণিকা কাপুৰে লণ্ডনৰ পৰা উভতি অহাৰ পিছত আইছ'লেছনত থকাৰ পৰিৱৰ্তে হাই প্ৰফাইল পাৰ্টীলৈ গৈছিল । ভ্ৰমণ ইতিহাস প্ৰকাশ নকৰাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছিল শিল্পীগৰাকী । লগতে উত্তৰ প্ৰদেশ চৰকাৰে তেওঁৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছিল ।
এই সন্দৰ্ভত কণিকাই কৈছে যে, কোনো লোক অসুস্থ বুলি জনাৰ পিছতো মানুহে এনেদৰে সমালোচনা কৰি মানসিক অশান্তি দিয়াতো সঁচাকৈয়ে দুখজনক । লগতে তেওঁ আশা কৰে যে, মানুহে ইয়াৰ পৰা শিকিব । আনহাতে মহামাৰীৰ বাবে শিল্পীসকলে সন্মুখীন হোৱা সমস্যাৰ প্ৰসংগ উত্থাপন কৰি কণিকাই কয় যে, মহামাৰীয়ে শিল্পীসকলক যথেষ্ট প্ৰভাৱিত কৰিছে । কাৰণ মহামাৰীৰ সংক্ৰমণ বৃদ্ধি হৈ থকাৰ সময়ত শিল্পীসকলৰ বাবে দৈনিক উপাৰ্জন কৰাৰ থল একো নাছিল ৷
সেয়ে, শিল্পীসকলক ভাবিবলৈ বাধ্য কৰি দিছিল যে তেওঁলোকৰ সংগীতৰ সকলো অধিকাৰ এটা সংগীত কোম্পানীৰ সৈতে আছে । লগতে তেওঁ কয় যে, শিল্পীসকলে নিজাকৈ কাম আৰম্ভ কৰাৰ সময় আহি পৰিছে । শেহতীয়াকৈ ভাৰতীয়-আমেৰিকান সংগীতজ্ঞ হেপ্পী সিঙৰ সহযোগত "২ চিটাৰ কাৰ" শীৰ্ষক গীত মুকলি কৰিছে কণিকা কাপুৰে ।
লগতে পঢ়ক: লছ এঞ্জেলছত জাহ্নৱীৰ সৈতে আমনিদায়ক সময় কটাইছে খুচীয়ে