চিটাৰা ডেস্ক, ১ মে': ডিজিটেল প্লেটফৰ্মত প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰিব বলীউড অভিনেত্ৰী কংগনা ৰাণাৱট । আগন্তুক ছবি "টিকু ৱেডচ শ্বেৰু"ৰ জৰিয়তে তেওঁ ডিজিটেল প্লেটফৰ্মত প্ৰযোজকৰ ৰূপত খোজ পোলাবলৈ সাজু হৈছে । কংগনাৰ প্ৰডাকছন হাউচ মণিকৰ্ণিকা ফিল্মছে "টিকু ৱেডচ শ্বেৰু" ছবিখন নিৰ্মাণ কৰিব ।
শনিবাৰে কংগনাৰ প্ৰডাকছন হাউচ মণিকৰ্ণিকা ফিল্মছৰ ল'গ' উদ্বোধন কৰা হয় । "টিকু ৱেডচ শ্বেৰু"ৰ ছবিখন হৈছে ৰোমাণ্টিক আৰু হাস্যৰসধৰ্মী । এই সন্দৰ্ভত কংগনাই কয় যে, ডিজিটেল প্লেটফৰ্মত অধিক আকৰ্ষণীয় ৰূপত আত্মপ্ৰকাশ কৰাৰ লগতে নতুন সমলৰ ওপৰত ভিত্তি কৰি কাম কৰিব ।