অসম

assam

ETV Bharat / sitara

কংগনাই তিনিটা আৱাসিক এলেকাক একত্ৰিত কৰাৰ অভিযোগ আদালতৰ

মুম্বাইৰ এখন অসামৰিক আদালতে শুকুৰবাৰে কংগনা ৰাণাৱটৰ অনুমোদিত নিৰ্মাণ কাৰ্য বন্ধ ৰখাৰ আবেদন নাকচ কৰি তেওঁ স্বীকৃত ভৱন যোজনাৰ উলংঘন কৰা বুলি মন্তব্য কৰে ৷ কংগনাই চহৰ খাৰ অঞ্চলত 16 মহলীয়া ভৱনৰ পঞ্চম মজিয়াত তেওঁ তিনিটা আৱাসিক এলেকাক একত্ৰিত কৰা বুলি ন্যায়াধীশ এল. এছ. চাৱনে সদৰি কৰে ৷

By

Published : Jan 2, 2021, 10:43 AM IST

Kangana Ranaut
কংগনা ৰাণাৱট

চিটাৰা ডেস্ক,2 জানুৱাৰী : অভিনেতা কংগনা ৰাণাৱটে তেওঁৰ তিনিটা আৱাসিক এলেকাক একত্ৰিত কৰাৰ সময়ত স্বীকৃত ভৱন যোজনাৰ উলংঘন কৰিছে ৷ শুকুৰবাৰে মুম্বাইৰ এখন অসামৰিক আদালতে কংগনাৰ অনুমোদিত নিৰ্মাণ কাৰ্য বন্ধ ৰখাৰ আবেদন নাকচ কৰি এই কথা উল্লেখ কৰে ৷

ন্যায়াধীশ এল. এছ. চাৱনে জনোৱা মতে, কংগনাই চহৰ খাৰ অঞ্চলত 16 মহলীয়া ভৱনৰ পঞ্চম মজিয়াত তেওঁ তিনিটা আৱাসিক এলেকাক একত্ৰিত কৰিছিল । উল্লেখ্য যে, 2018 চনৰ মাৰ্চ মাহতে বিএমচিয়ে তেওঁৰ আৱাসিক এলেকাত নিৰ্মাণ কাৰ্যক লৈ জাননী প্ৰেৰণ কৰিছিল ৷

আন এক জাননীযোগে কংগনাক এই গঠন প্ৰণালী ভাঙি দিবলৈ আদেশ প্ৰদান কৰা হৈছিল ৷ কিয়নো অনুমোদিত অংশটোও উচ্ছেদ কৰা হ’ব ৷ কংগনাই ধ্বংসৰ জাননীক প্ৰত্যাহ্বান জনোৱাৰ লগতে নাগৰিক সংস্থাৰ ধ্বংস কাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আদালতত আবেদন দাখিল কৰে ৷ ইয়াৰ পাচতে আদালতে ইয়াৰ স্থিতিৰ নিৰ্দেশ দিছিল।

বিগত বৰ্ষৰ 23 ডিচেম্বৰৰ শেহতীয়া নিৰ্দেশত ন্যায়াধীশ চাৱনে অভিনেতা গৰাকীৰ আবেদন নাকচ কৰি কয় যে এই আদালতৰ হস্তক্ষেপৰ প্ৰয়োজন নাই । অৱশ্যে, আদালতে আদেশৰ বিৰুদ্ধে বোম্বাই উচ্চ আদালতলৈ যাবলৈ তেওঁক ছয় সপ্তাহ সময় ধৰি দিয়ে ৷

9 ছেপ্টেম্বৰত বিএমচিয়ে পালি হিল অঞ্চলত ৰানাউটৰ আৱাসিক এলেকাৰ কিছু অংশ ‘অনাধিকাৰ’ নিৰ্মাণৰ অভিযোগত ভাঙি পেলায় ৷ কংগনাই এই বিষয়টো উচ্চ আদালতলৈ স্থানান্তৰ কৰে ৷

লগতে পঢ়ক :একেবোৰ জনপ্ৰিয় গীত বাৰে বাৰে পৰিৱেশন কৰি বিৰক্ত হৈছে এল্টন জন

ABOUT THE AUTHOR

...view details