নেশ্যনেল ডেস্ক, ২২ ডিচেম্বৰ: বিতৰ্কই লগ নেৰা হৈছে অভিনেত্ৰী কংগনা ৰাণাৱটৰ । এইবাৰ এটা ইনষ্টাগ্ৰাম পোষ্টক লৈ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে অভিনেত্ৰীগৰাকী (Kangana's controversial Instagram post) । এই সন্দৰ্ভত তেওঁৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ (FIR against Kangana over controversial Instagram post) । গোচৰটোৰ তদন্তৰ সংক্ৰান্ততে কংগনা ৰাণাৱট বুধবাৰে মুম্বাইৰ খাৰ আৰক্ষী থানাত হাজিৰ হোৱাৰ কথা আছিল ।
আৰক্ষীয়ে বুধবাৰে অভিনেত্ৰীগৰাকীৰ জবানবন্দী লোৱাৰ কথা আছিল । কিন্তু তেওঁৰ অধিবক্তা ৰিজৱান ছিদ্দিকিয়ে জনোৱা মতে, অভিনেত্ৰীগৰাকী মুম্বাইৰ পৰা বাহিৰৰ আন ঠাইলৈ যোৱা বাবে আজি তেওঁ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ'ব নোৱাৰিব ।
এটা ইনষ্টাগ্ৰাম পোষ্টত শিখ সম্প্ৰদায়ৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছে কংগনাৰ বিৰুদ্ধে (Kangan Ranaut's controversial Instagram post related to Sikh) । গোচৰটোৰ তদন্তৰ বাবে যোৱা ১৩ ডিচেম্বৰত বোম্বে উচ্চ ন্যায়ালয়ে কংগনাক বুধবাৰে মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল ৷ তদুপৰি মহাৰাষ্ট্ৰ চৰকাৰে ২৫ জানুৱাৰী পৰ্যন্ত পৰৱৰ্তী শুনানিৰ পূৰ্বে কংগনাৰ বিৰুদ্ধে বলপূৰ্বক ব্যৱস্থা গ্ৰহণ নকৰিবলৈ সন্মত হৈছিল ।