চিটাৰা ডেস্ক,14 ডিচেম্বৰ : শীঘ্ৰেই ছবিগৃহলৈ আহিবলগীয়া নৌসেনা ভিত্তিক ছবি ‘তেজাছ’ৰ বাবে দেওবাৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰে অভিনেত্ৰী কংগনা ৰাণাৱটসহ তেজাছৰ টীমটোৱে ৷
কংগনাই চ’ছিয়েল মিডিয়াযোগে এই কথা শ্বেয়াৰ কৰি কয় যে, তেজাছৰ টীমটোৱে মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে ছবিখনৰ স্ক্ৰীপ্ট শ্বেয়াৰ কৰাৰ লগতে ছবিখন প্ৰদৰ্শনৰ বাবে অনুমতি বিচাৰে ৷ ছবিখনত কংগনাই এগৰাকী যুঁজাৰু পাইলটৰ চৰিত্ৰত অভিনয় কৰিব ৷