চিটাৰা ডেস্ক, 14 ছেপ্তেম্বৰ: মুম্বাইত 6 দিন অতিবাহিত কৰাৰ পাচত মানালিলৈ উভতিছে অভিনেত্ৰী কংগনা ৰাণাৱট ৷ মুম্বাইৰ পালি হিলস্থিত বাসগৃহৰ পৰা প্ৰত্যক্ষ কৰা হৈছে অভিনেত্ৰী কংগনাক ৷
টুইটাৰযোগে এটি বাৰ্তা শ্বেয়াৰ কৰি কংগনাই কয় যে, ‘‘এখন ডাঙৰ হৃদয় লৈ মুম্বাই এৰিলো ৷ এইকেইটা দিনত মোক আক্ৰমণ কৰাৰ লগতে মোৰ কৰ্মস্থলী আৰু বাসগৃহও ভাঙি পেলোৱা হৈছে ৷ মোৰ চাৰিওকাষে অস্ত্ৰ-শস্ত্ৰৰে থকা সুৰক্ষা বাহিনীৰ বাবে মই সুৰক্ষিত হৈ আছিলো ৷ কিন্তু ক’ব লাগিব যে, পাকিস্তানক লৈ মোৰ ধাৰণা সাদৃশ্যপূৰ্ণ আছিল’’ ৷
ইফালে শিৱসেনাৰ সৈতে হোৱা মতানক্য সন্দৰ্ভত দেওবাৰে ৰাজভৱনত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল বি.এছ. কোশ্যাৰীক সাক্ষাৎ কৰে কংগনাই ৷ তেওঁৰ সৈতে হোৱা অন্যায় সম্পৰ্কে ৰাজ্যপালক অৱগত কৰিছিল কংগনাই ৷