চিটাৰা ডেস্ক, 1 অক্টোবৰ: 7 মাহৰ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পাচত পুনৰ ছবিৰ কামত আগবাঢ়িছে কংগণা ৰাণাৱট ৷ বৃহস্পতিবাৰে টুইটাৰযোগে এই কথা ব্যক্ত কৰে অভিনেত্ৰী কংগণাই ৷
কুইন কংগণাই টুইটাৰযোগে এখন ফটো শ্বেয়াৰ কৰি তেওঁৰ আহিবলগীয়া ছবি ‘Thalaivi’ৰ শ্বুটিঙৰ বাবে দক্ষিণ ভাৰতলৈ ৰাওনা হোৱাৰ কথা অৱগত কৰে আৰু সকলোৰে পৰা আশীৰ্বাদ বিচাৰে ৷
উল্লেখ্য যে,ৰাজনৈতিক নেত্ৰী জে. জয়াললিতাৰ বায়’পিক হিচাপে ছবিখন নিৰ্মাণ কৰা হ’ব আৰু ছবিখনত কংগণাৰ বিপৰীতে আছে দক্ষিণৰ অভিনেতা এ.এল বিজয়ে ৷