চিটাৰা ডেস্ক, 26 ফেব্ৰুৱাৰী :গংগুবাই কাথিয়াৱাড়ীৰ মুক্তিৰ পিছতেই মন্তব্য সলনি হ’ল কংগনা ৰাণাৱটৰ (Kangana Ranaut on Gangubai Kathiawadi) ৷ শনিবাৰে নিজৰ ইন্ষ্টাগ্ৰাম ষ্টোৰীত ছবিখনৰ লগতে প্ৰশংসা কৰিলে ছবিখনৰ লগত জড়িত কলা-কুশলী সকলকো ৷
বিগত সপ্তাহতেই আলিয়াক বেয়াকৈ সমালোচনা কৰি সামাজিক মাধ্যমত নিজৰ মত দিছিল কংগনাই ৷ কাৰো নাম নোলোৱাকৈ কংগনাই পৰোক্ষভাৱে আক্ৰমণ কৰিছিল আলিয়া আৰু সঞ্জয় লীলা ভাঞ্চালীক (Kangana Ranaut on Alia Bhatt) ৷ আলিয়াইয়ো উভতি ধৰিছিল কংগনাক ৷