চিটাৰা ডেস্ক, ২৬ ডিচেম্বৰ: প্ৰকৃতিক পৰিৱেশৰ মাজত দীঘলীয়া বাট খোজকাঢ়ি অতিক্ৰম কৰাৰ আমেজ লৈছে কংগনাই । শুক্ৰবাৰে বৰদিনৰ দিনা বৌৱেক আৰু ভগ্নী ৰংগ'লী চণ্ডেলৰ সৈতে হাইকিঙৰ আনন্দ ল'লে অভিনেত্ৰী কংগনা ৰাণাৱটে । অভিনেত্ৰীগৰাকীয়ে শনিবাৰে পুৱা টুইটযোগে হাইকিং অভিজ্ঞতাৰ কেইখনমান সুন্দৰ ফটো শ্বেয়াৰ ।
এখন ফটোত দেখা গৈছে যে, কংগনাই পাহৰৰ ওপৰত বহি আছে আৰু । আন এখন ফটোত ভগ্নী আৰু বৌৱেকৰ সৈতে দেখা গৈছে কংগনাক । ভটিজাক কোলাত লৈ থকা এখন ফটোও শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে । ৩৩ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে পোষ্টটোত যোৱাকালি পৰিয়ালৰ সৈতে হাইকিং কৰাৰ কথা উল্লেখ কৰে ।