চিটাৰা ডেস্ক, 18 ছেপ্তেম্বৰ: BMCৰ দ্বাৰা মুম্বাইস্থিত নিজ বাসগৃহ আৰু কাৰ্যালয় ভঙা সন্দৰ্ভত বৃহস্পতিবাৰে চ’ছিয়েল মিডিয়াযোগে ফটো শ্বেয়াৰ কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰে অভিনেত্ৰী কংগনা ৰানাৱটে ৷ BMCয়ে তেওঁৰ সপোনক বলৎকাৰ কৰা বুলি টুইটাৰযোগে দুখ প্ৰকাশ কৰে কংগনাই ৷ টুইটযোগে তেওঁ কয় যে, ‘‘মোৰ সপোন, মোৰ আত্মবিশ্বাস, মোৰ আত্মসন্মান আৰু মোৰ ভৱিষ্যতক বলৎকাৰ কৰা হৈছে’’ ৷
আন এক টুইটযোগে তেওঁ কয় যে, ‘‘মোৰ কাৰ্যালয়ক শ্মশানলৈ সলনি কৰা হৈছে ৷ নাজানো কিমান মানুহ নিৱনুৱা হিচাপে থাকি যাব ৷ শতাধিক লোক ফিল্ম গোটৰ পৰা আহিছিল ৷ যেতিয়া এখন ছবি মুক্তি লাভ কৰে, ছবিগৃহৰ পৰা আৰম্ভ কৰি প’পকৰ্ণ বিক্ৰেতালৈ সকলোৱে নিজৰ টকা উপাৰ্জন কৰে ৷ BMCয়ে আমাৰ আয়ৰ সোঁতটো ছিঙি ৰাষ্ট্ৰীয় নিৱনুৱা দিৱস পালন কৰিছে’’ ৷