চিটাৰা ডেস্ক,19 ডিচেম্বৰ: দেশত অব্যাহত কৃষক বিদ্ৰোহক কেন্দ্ৰ কৰি শেহতীয়াকৈ প্ৰিয়ংকা ছোপ্ৰা আৰু দিলজীত দোশানঝক আক্ৰমণৰ লক্ষ্য কৰি লৈছে অভিনেত্ৰী কংগনা ৰানাৱটে ৷ প্ৰতিবাদকাৰী কৃষকসকল সমৰ্থন কৰাৰ আঁৰত দুয়োগৰাকী অভিনেতাৰে কি গোপন অভিপ্ৰায় আছে বুলি প্ৰশ্ন কৰে অভিনেত্ৰী কংগনা ৰানাৱটে ৷
শনিবাৰে টুইটযোগে দুই মিনিটৰ এটি ভিডিঅ’ শ্বেয়াৰ কৰে কংগনাই ৷ এই ভিডিঅ’টিত অভিনেত্ৰী গৰাকীয়ে সামাজিক মাধ্যমত সন্মুখীন হৈ অহা আবেগিক আৰু মানসিক অত্যাচাৰৰ কথা ব্যক্ত কৰাৰ উপৰিও দেশৰ জনতাক প্ৰশ্ন কৰে যে এগৰাকী ‘দেশপ্ৰেমী’ হৈয়ো কিয় বাৰে বাৰে তেখেতে নিজৰ অভিপ্ৰায় সন্দৰ্ভত প্ৰমাণ আগবঢ়াব লাগে ৷
ভিডিঅ’টোৰ শেষত অভিনেত্ৰীগৰাকীয়ে এইটো প্ৰশ্ন কৰা শুনিবলৈ পোৱা যায় যে, ‘মই হতাশ যে দেশভক্ত হৈয়ো মই প্ৰায় প্ৰতিদিনে দেশবাসীক নিজৰ অভিপ্ৰায়ৰ প্ৰমাণ দিবলগীয়া হয় ৷ কিন্তু দিলজীত দোশানঝ আৰু প্ৰিয়ংকা ছোপ্ৰাক তেওঁলোকৰ অভিপ্ৰায়ৰ বিষয়ে কোনেও কিয় প্ৰশ্ন নকৰে? যদি মই দেশৰ কাৰণে কথা কও তেন্তে মোক সকলোৱে ৰাজনীতি কৰা বুলি প্ৰশ্ন কৰে কিন্তু তেওঁলোকক তেওঁলোকৰ নীতিৰ বিষয়ে কোনেও প্ৰশ্ন নকৰে ৷ জয় হিন্দ |’
ইয়াৰ পূৰ্বে দিলজীত দোশানঝ,স্বৰা ভাস্কৰ,তাপসী পান্নুক সমালোচনা কৰিছিল কংগনাই ৷ ইয়াৰ উপৰিও অভিনেত্ৰীগৰাকীয়ে জ্যেষ্ঠ অভিনেত্ৰী জয়া বচ্চনকো আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ৷
লগতে পঢ়ক-'ডেভিল' নহয়,সলনি কৰা হ'ব ৰণবীৰৰ আগন্তুক ছবিৰ নাম