নতুন দিল্লী, 29 মে’: নতুনকৈ নিৰ্মাণ হ’বলগীয়া বলিউডৰ ছবি ‘পাংগা’ৰ অনুশীলনত ব্যস্ত বলিউডৰ অভিনেত্ৰী কংগনা ৰানাৱত ৷ অশ্বিনী আয়াৰ তিৱাৰীৰ পৰিচালনাত নিৰ্মিত ছবিখন কাবাডী খেলুৱৈৰ ৰূপত দেখা যাব অভিনেত্ৰীগৰাকীক ৷
‘পাংগা’ৰ কঠোৰ অনুশীলনত ব্যস্ত কংগনা - BOLLYWOOD NEWS
ছবিখনত এগৰাকী কাবাডী খেলুৱৈৰ ৰূপত দেখা যাব অভিনেত্ৰী গৰাকীক ৷
![‘পাংগা’ৰ কঠোৰ অনুশীলনত ব্যস্ত কংগনা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3410868-312-3410868-1559089608356.jpg)
ETV BHARAT
মঙলবাৰে ছবিখনৰ পৰিচালক অশ্বিনী আয়াৰ তিৱাৰীয়ে টুইটাৰযোগে শ্বেয়াৰ কৰে অভিনেত্ৰীগৰাকীৰ অনুশীলনৰ ফটো ৷ খেলৰ প্ৰেক্ষাপটত নিৰ্মাণ হ’বলগীয়া ছবিখনত মূল চৰিত্ৰত অভিনয় কৰিব কংগনাই ৷ কংগনাৰ লগতে ছবিখনত দেখা পোৱা যাব পাঞ্জাৱী গায়ক জচ্চী গিল, নেহা গুপ্তা আৰু ৰিচা চদ্ধাক ৷ অহা বৰ্ষৰ 24 জানুৱাৰীত মুক্তি লাভ কৰিব ছবিখনে ৷