চিটাৰা ডেস্ক, 23 জুলাই : অভিনেতা সুশান্ত সিং ৰাজপুটৰ মৃত্যুৰ সময়ত কোনো প্ৰতিক্ৰিয়া ব্যক্ত নকৰি এতিয়া ‘Dil Bechara’ ছবিখনে মুক্তিলাভ কৰাৰ পিছতে সুশান্তৰ সৈতে কটোৱা সময়ৰ অনুভৱ ব্যক্ত কৰিছে অভিনেত্ৰী সঞ্জনা সংঘীয়ে ৷ ইয়াকে লৈ প্ৰশ্ন উত্থাপন কৰিছে অভিনেত্ৰী কংগনা ৰানাৱটে ৷
মণিকৰ্ণিকা কংগনা ৰানাৱটে এই সন্দৰ্ভত কয় যে, বিগত দুবছৰৰ পৰা সুশান্তৰ সৈতে বন্ধুত্বৰ সম্পৰ্ক বজাই ৰখা সঞ্জনাৰ আজি অনুভৱ ব্যক্ত কৰোতে কিয় ইমান সময় লাগিছে ? টুইটাৰযোগে কংগনাৰ টীমে সদৰি কৰে এই কথা ৷
সুশান্তৰ আশ্চৰ্যকৰ মৃত্যুক লৈ ধাৰাবাহিকভাৱে মন্তব্য প্ৰদান কৰি থকা কংগনা ৰানাৱটে মুম্বাই আৰক্ষীক তদন্তৰ বাবে হেঁচা দিছে ৷
কংগনাৰ টীমে কৰা টুইট অনুসৰি তেওঁ কয় যে, ‘‘সুশান্তে সঞ্জনাৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ বহু মিছা অভিযোগ উত্থাপন হৈছে ৷ সঞ্জনাই এই সন্দৰ্ভত মুখ খোলা নাছিল কিয় ? সুশান্তে জীয়াই থকাৰ সময়ত তেওঁ কিয় কেতিয়াও সুশান্তৰ সৈতে থকা বন্ধুত্বৰ কথা খোলাকৈ ব্যক্ত কৰা নাছিল ? এই সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে তদন্ত কৰা উচিত’’ ৷
ইয়াৰ মাজতে সঞ্জনাই সুশান্তৰ প্ৰশংসা কৰিছে, কিয়নো বিভিন্ন ডিজিটেল প্লেটফ’ৰ্মত তেওঁৰ প্ৰথম ছবি ‘Dil Bechara’ৰ প্ৰচাৰ চলাই আছে ৷ অভিনেতা সুশান্তক স্মৰণ কৰি সঞ্জনাই চ’ছিয়েল মিডিয়াযোগে কিছু ভাৱাত্মক অনুভৱো শ্বেয়াৰ কৰে ৷ কিন্তু সুশান্তৰ বিৰুদ্ধে উত্থাপন হোৱা MeToo অভিযোগ সন্দৰ্ভত সঞ্জনাক প্ৰশ্ন সোধাত তেওঁ এক সাক্ষাৎকাৰত কয় যে, ‘‘আমি সত্যটো জানিছিলো’’ ৷
আনহাতে, সুশান্তৰ মৃত্যুৰ বাবে অব্যাহত থকা তদন্তত মুম্বাই আৰক্ষীয়ে সঞ্জনা সংঘীক প্ৰায় 7 ঘণ্টাৰ বাবে জেৰা কৰে ৷ আনহাতে, যোৱা বুধবাৰে সুশান্তৰ মৃত্যুৰ এমাহৰ দিনা কংগনাসহ সুশান্তৰ প্ৰাক্তন প্ৰেমিকা অংকিতা লোখণ্ডে আৰু বন্ধু শেখৰ সুমনে Candle4SSR শীৰ্ষক অনলাইন প্ৰতিবাদ সাব্যস্ত কৰে ৷
লগতে পঢ়ক : সঞ্জয় দত্ত আৰু ৰণবীৰ কাপুৰ অভিনীত "ছামছেৰা"ৰ দৃশ্য গ্ৰহণ স্থগিত