চিটাৰা ডেস্ক, ১৬ অক্টোবৰ: ছবি নিৰ্মাতা কৰণ জোহৰে নিৰ্মাণ কৰা 'কুছ কুছ হ'তা হ্যে' ছবিৰ মুক্তিৰ আজি ২২ বছৰ সম্পূৰ্ণ হ'ল । কৰণ জোহৰ আৰু অভিনেত্ৰী কাজলে ছ'ছিয়েল মিডিয়াত জাহিৰ কৰিলে মনৰ কথা। ছবিখনত ৰাহুলৰ ডাইলগ 'প্যাৰ ত' হ'না হি থা' নাইবা অঞ্জলিৰ চৰিত্ৰ ৰূপায়ণ কৰা কাজলৰ দুটি ৰূপৰ সফল প্ৰতিফলন নাইবা টীনাৰ চৰিত্ৰত অভিনয় কৰা ৰাণী মুখাৰ্জীৰ কলেজীয়া ছাত্ৰীৰ ৰূপে মন্ত্ৰমুগ্ধ কৰিছিল দৰ্শকক।
এই ছবিখন কৰণ জোহৰে নিৰ্দেশনা কৰা প্ৰথম ছবি আছিল, যিখন ছবিৰ প্ৰায়বোৰ দৃশ্যই সকলোৰে অন্তৰত সজীৱ হৈ আছে । শুক্ৰবাৰে ছ'ছিয়েল মিডিয়াত কৰণ জোহৰে পূৰ্বৰ এটি সাক্ষাৎকাৰৰ ভিডিঅ' শ্বেয়াৰ কৰিছে য'ত কাজল, ৰাণী মুখাৰ্জী আৰু শ্বাহৰুখ খানে ছবিখনত কাম কৰাৰ অভিজ্ঞতাৰ বিষয়ে কৈছে। আনহাতে কাজলেও ইনষ্টাগ্ৰাম পোষ্টযোগে ছবিখন কিছুমান ভাললগা মুহূৰ্ত ডাইলগৰ বিষয়ে অনুৰাগীক জনাইছে। পোষ্টটোত কাজলে লিখিছে,যেতিয়া অঞ্জলিয়ে কয়, 'মেৰা পেহলা প্যাৰ অধুৰা ৰেহ গয়া নাইবা কুছ কুছ হ'তা হ্যে তুম নেহী ছমঝ'গে।