চিটাৰা ডেস্ক,31 অক্টোবৰ : কণ্ঠশিল্পী নেহা কক্কৰৰ পাচতে এইবাৰ বিবাহ পাশত আৱদ্ধ হ’ল বলিউড তথা দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী কাজল আগৰৱাল ৷ শুকুৰবাৰে ব্যৱসায়ী গৌতম কিটছলুৰ সৈতে ঘৰুৱাভাৱে বিয়াত বহিল অভিনেত্ৰী কাজল ৷
কাজল-গৌতমৰ বিবাহ অনুষ্ঠানত কেৱল তেওঁলোকৰ পৰিয়াল আৰু বন্ধু-বৰ্গ উপস্থিত থাকে ৷ বিবাহৰ সাজত কাজলে গুলপীয়া দুপত্তাৰ সৈতে স্কাৰ্লেট ব্ৰিডাল পোছাক পৰিধান কৰে ৷ আনহাতে গৌতমে ৰূপালী ৰঙৰ শ্বেৰৱানী পৰিধান কৰা পৰিলক্ষিত হৈছে ৷ বিবাহৰ পূৰ্বে কাজলে ইনষ্টাগ্ৰামযোগে এখন ব্লেক এণ্ড হোৱাইট ফটো শ্বেয়াৰ কৰে ৷