চিটাৰা ডেস্ক,6 জুলাইঃমাই মেলবৰ্ণ নামৰ এখন বিশেষ ছবিৰ বাবে সংযুক্ত হৈছে ভাৰতৰ প্ৰসিদ্ধ ছবি নিৰ্মাতা কবীৰ খান, ইমতিয়াজ আলী, ৰীমা দাস আৰু অনিৰ ৷
ভাৰতৰ তিনি প্ৰতিষ্ঠিত ছবি পৰিচালকৰ সৈতে একেলগে কাম কৰিব ৰীমা দাসে ভিক্টোৰিয়ান ছবি নিৰ্মাণ দলৰ সৈতে একেলগে কাম কৰিব তেওঁলোকে ৷ শাৰীৰিক অক্ষমতা,জাতি,কামুকতা আৰু লিংগৰ দৰে বিষয়ৰ ওপৰত লঘু ছবিৰ শ্বুটিং কৰিব ভাৰতৰ এই চাৰিগৰাকী ছবি পৰিচালকে ৷ পিছত এই লঘু ছবি সমূহ লগ লগাই মাই মেলবৰ্ণ নামেৰে এখন ছবিৰ সংকলন প্ৰস্তুত কৰিব,যি খন অহা বছৰত ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অফ মেলবৰ্ণত প্ৰদৰ্শন কৰা হ'ব ৷
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অফ মেলবৰ্ণৰ পৰিচালক মিতু ভৌমিক লেংগে ক'লে যে, "এয়া ৰোমাঞ্চকৰ আৰম্ভণি ৷ মই সুখী আৰু ৰোমাঞ্চিত যে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অফ মেলবৰ্ণে ভাৰতৰ স্বতন্ত্ৰ চিনেমাৰ চাৰিজন পৃথক মানুহক নিজৰ ৱৰ্কশ্বপত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত সফল হৈছে ৷ "
কবীৰ,ইমতিয়াজ,ৰীমা আৰু অনিৰ চাৰিওজন স্বতন্ত্ৰ ছবি পৰিচালকে বচা বচা কাহিনীসমূহ নিজৰ কাৰ্যস্থলীত বিকাশ কৰাৰ প্ৰয়াস কৰিব আৰু জুমৰ মাধ্যমেৰে টিমকেইটাৰ প্ৰি-প্ৰডাকচনৰ কামসমূহ নিৰীক্ষণ কৰিব ৷ ইয়াৰ পিছত যাত্ৰাৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতা দূৰ হোৱাৰ পিছত চাৰিওগৰাকী ছবি নিৰ্মাতাই ছবি শ্বুটিঙৰ বাবে মেলবৰ্ণলৈ উৰা মাৰিব ৷
লগতে পঢ়কঃ মহামাৰীৰ সংকটৰ সময়তে জীৱনৰ দুটা গুৰুত্বপূৰ্ণ দিশত শিক্ষা লাভ বাণী কাপুৰৰ