অসম

assam

ETV Bharat / sitara

'গ্ৰেমী 2020'ৰ বিশেষ আকৰ্ষণ জ'নাছ ব্ৰাডাৰ্ছ - 62 সংখ্যক গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব নিক, কেবিন আৰু জ'য়ে

এইবছৰ 62 সংখ্যক গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব নিক,কেবিন আৰু জ'য়ে

Jonas Brothers to perform at Grammys 2020
'গ্ৰেমী 2020'ৰ বিশেষ আকৰ্ষণ জ'নাছ ব্ৰাডাৰ্ছ

By

Published : Jan 18, 2020, 4:37 PM IST

চিটাৰা ডেস্ক,18 জানুৱাৰীঃ এইবৰ্ষৰ গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠানত সংগীত পৰিৱেশন কৰিব জ'নাছ ব্ৰাডাৰ্ছে ৷ চ'ছিয়েল মিডিয়াযোগে এই কথা ঘোষণা কৰে নিক জ'নাছে ৷ এই ঘোষণাৰ পাছতে উৎসাহিত হৈ পৰে জ'নাছৰ অনুৰাগীসকল ৷

'গ্ৰেমী 2020'ৰ বিশেষ আকৰ্ষণ জ'নাছ ব্ৰাডাৰ্ছ

নিক জ'নাছে ইনষ্টাগ্ৰামযোগে এই ঘোষণা কৰাৰ সমান্তৰালভাৱে গ্ৰেমী বঁটা অনুষ্ঠানৰ কাৰ্যকতাসকলেও নিজৰ ৱেৱচাইট যোগে ঘোষণা কৰে এই কথা ৷ নিক জ'নাছে শেহতীয়াকৈ কেবিন আৰু জ'ৰ সৈতে উঠা এখন বিশেষ ফটোও শ্বেয়াৰ কৰে ইনষ্টাগ্ৰামযোগে ৷

এই বিশেষ ঘোষণাটোৰ পিছতে জ'নাছ ব্ৰাডাৰ্ছৰ অনুৰাগীসকলে প্ৰশংসা আৰু শুভেচ্ছাসূচক কমেন্টেৰে নিজৰ উৎসাহ প্ৰকাশ কৰে ৷ ইয়াৰ মাজতে,শুকুৰবাৰে মুক্তি পোৱা "what a man gotta do" মিউজিক ভিডিঅ'টোৱে ইন্টাৰনেটত খলকনি তুলিবলৈ সক্ষম হৈছে ৷ এই মিউজিক ভিডিঅ'টোত অভিনয় কৰিছে নিক জ'নাছ,প্ৰিয়ংকা চোপ্ৰা,দুই ভাতৃ কেবিন,জ' আৰু তেওঁলোকৰ পাৰ্টনাৰ ডেনিয়েল আৰু চৌফিয়ে ৷

লগতে পঢ়কঃৰণবীৰ কাপুৰৰ সৈতে একেলগে কাম কৰিবলৈ উৎসাহিত শ্ৰদ্ধা কাপুৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details