নিউজ ডেস্ক, 13 জুলাই : 'বাট্ৰা হাউছ'ৰ পাছতে অন্য এখন 'এক্সন থ্ৰিলাৰ'ৰ বাবে সাজু জনপ্ৰিয় বলীউড অভিনেতা জন আব্ৰাহাম ৷ নিজৰ প্ৰযোজনাত নিৰ্মান কৰিবলগা 'এটেক - এ ৰেছ এগেইনষ্ট টাইম' ছবিখনত মুখ্য চৰিত্ৰতো দেখা পোৱা যাব অভিনেতা গৰাকীক ৷ লক্ষ্যৰাজ আনন্দৰ পৰিচালনাত নিৰ্মীয়মান ছবিখন সত্য ঘটনাৰ ওপৰত আধাৰিত ৷ চলিত বৰ্ষৰ ডিচেম্বৰ মাহত চিত্ৰগৃহলৈ আহিব ছবি খন ৷ ছবিখন সন্দৰ্ভত সাংবাদিকেৰে হোৱা বাৰ্তালাপত অভিনেতা জন আব্ৰাহামে মন্তব্য কৰে যে, তেওঁৰ প্ৰযোজনাগৃহই 'ষ্টৰী লাইন'ৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ৷
'এটেক'ৰ প্ৰযোজনা আৰু মুখ্য ভূমিকাত জন আব্ৰাহাম - ডিচেম্বৰ মাহ
এক নতুন ছবিৰ প্ৰযোজনা আৰু মুখ্য় ভূমিকাত দেখা যাব জন আব্ৰাহামক ৷ ছবি খনৰ নাম 'এটেক - এ ৰেছ এগেইনষ্ট টাইম' ৷
'এটেক'ৰ প্ৰযোজনা আৰু মুখ্য ভূমিকাত জন আব্ৰাহাম
উল্লেখ্য যে, 15 আগষ্টৰ দিনা শুভমুক্তি লাভ কৰিব জন আব্ৰাহামৰ 'বাট্ৰা হাউছ' নামৰ ছবিখনে ৷