চিটাৰা ডেস্ক,20 জানুৱাৰীঃআহি আছে নতুন ছবি ঝুণ্ড ৷ ছবি নিৰ্মাতাই সোমবাৰে মুকলি কৰে ছবিখনৰ প্ৰথমটো লুক ৷ টি চিৰিজৰ টুইটাৰ যোগে প্ৰকাশ কৰা হয় ছবিখনৰ প্ৰথম লুক ৷ ছবিখনৰ প্ৰথমটো লুকত এখন পৰিত্যক্ত উদ্যানত বহি থকা অৱস্থাত দেখিবলৈ পোৱা গ'ল প্ৰসিদ্ধ অভিনেতা অমিতাভ বচ্চনক ৷ চলচ্চিত্ৰ সমালোচক তৰণ আদৰ্শইও নিজৰ টুইটাৰ একাউন্ট যোগে প্ৰকাশ কৰে ছবিখনৰ প্ৰথমটো লুক ৷
মুক্তি পালে ঝুণ্ড ছবিৰ প্ৰথম লুক - অমিতাভ বচ্চন আৰু নাগৰাজ মঞ্জুল
বহু প্ৰত্যাশিত ছবি ঝুণ্ডৰ প্ৰথমটো লুক মুকলি ৷ ছবিখনৰ যোগেদি প্ৰথমবাৰৰ বাবে একেলগে কাম কৰিব অমিতাভ বচ্চন আৰু নাগৰাজ মঞ্জুলে ৷
![মুক্তি পালে ঝুণ্ড ছবিৰ প্ৰথম লুক jhund first look release](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5778509-thumbnail-3x2-a.jpg)
ঝুণ্ড ছবিৰ প্ৰথম লুক
স্লাম চ'ছাৰ এন.জি.অ'ৰ প্ৰতিষ্ঠাপক বিজয় ৱাৰছেৰ জীৱনৰ আলমত নিৰ্মাণ কৰা হৈছে এই বিশেষ ছবিখন ৷ জানিব পৰা মতে, মঙলবাৰে মুক্তি পাব ছবিখনৰ টিজাৰ ৷ বিগ-বিক ঝুণ্ডৰ বাহিৰেও এই বৰ্ষত দেখিবলৈ পোৱা যাব আয়ান মুখাৰ্জীৰ ছবি ব্ৰহ্মাস্ত্ৰত ৷ ইয়াৰোপৰি সামাজিকধৰ্মী কমেডী ছবি গোলাব'-সিতাব'ত আয়ুষ্মান খুৰাণাৰ সৈতে দেখিবলৈ পোৱা যাব জ্যেষ্ঠ অভিনেতাগৰাকীক ৷
লগতে পঢ়কঃমুম্বাইত আৰম্ভ হ'ল বিজয় দেৱৰাকোণ্ডাৰ নতুন ছবিৰ শ্বুটিং