অসম

assam

ETV Bharat / sitara

Jaya Bachchan tests positive: ক’ভিড-19 ত আক্ৰান্ত হ’ল জয়া বচ্চন

ক’ভিড-19 ত আক্ৰান্ত হৈ মুম্বাইৰ নিজা বাসভৱনত আইচ’লেচনত আছে ভেটেৰান অভিনেত্ৰী গৰাকী (Jaya Bachchan tests positive for COVID-19) ৷ নিয়মীয়া মাহিলি স্বাস্থ্য পৰীক্ষাৰ সময়ত ধৰা পৰে তেওঁ ক’ভিডত আক্ৰান্ত হৈ থকাৰ কথা ৷

COVID-19
ক’ভিড-19 ত আক্ৰান্ত হ’ল জয়া বচ্চন

By

Published : Feb 4, 2022, 5:38 PM IST

চিটাৰা ডেস্ক, 4 ফ্ৰেব্ৰুৱাৰী : জানুৱাৰীৰ 31 তাৰিখে প্ৰবীণ অভিনেত্ৰী জয়া বচ্চন ক’ভিড-19ত আক্ৰান্ত হোৱাৰ কথা জানিব পৰা গৈছে (Jaya Bachchan tests positive for COVID-19) ৷ তেতিয়াৰে পৰা হোম আইচ’লেচনত আছে বিগ বিৰ পত্নী ৷ ইয়াৰ পূৰ্বে তেওঁলোকৰ জীয়ৰী শ্বেতা বচ্চন আক্ৰান্ত হৈছিল ক’ভিড-19 ত ৷

প্ৰাপ্ত বাতৰি অনুসৰি, জয়া বচ্চনে কৰণ জোহৰৰ নতুন চিনেমা ৰকি অউৰ ৰাণী কি প্ৰেম কি কাহিনীৰ শ্বুটিঙত ব্যস্ত আছিল ৷ অলপতে ক’ভিড-19 ত আক্ৰান্ত হোৱা শ্বাবানা আজমীৰ সৈতে শ্বুটিঙত ব্যস্ত আছিল তেওঁ ৷ দুয়োগৰাকী তাৰকাৰে স্বাস্থ্যলৈ মন কৰি বৰ্তমান ছবিখনৰ শ্বুটিং বন্ধ ৰখা হৈছে ৷ ছবিখনত বলিউদৰ এগৰাকী কিংবদন্তি অভিনেতা ধৰ্মেন্দ্ৰয়ো এটা মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৷

উল্লেখ্য যে, মহামাৰীৰ আৰম্ভণিতে বচ্চন পৰিয়ালৰ সকলো এই ৰোগত আক্ৰান্ত হৈছিল ৷ একমাত্ৰ জয়া বচ্চনৰ ৰিপ’ৰ্ট নিগেটিভ আহিছিল ৷

লগতে পঢ়ক:Karni Sena seeks ban on Prithviraj: অক্ষয় কুমাৰৰ ‘পৃথ্বীৰাজ’ৰ ওপৰত কৰ্নি সেনাৰনিষেধাজ্ঞা

ABOUT THE AUTHOR

...view details